পুলৱামা অৱন্তিপুৰাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ভাৰতীয় বীৰ শ্বহীদ সৈনিক সকললৈ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি:

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

১৭ ফেব্ৰুৱাৰীঃ-

যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে আত্মঘাতী সন্ত্ৰাসবাদীয়ে নিহত কৰা ভাৰতীয় বীৰ সৈনিক সকলক আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাই বন্তি জ্বলাই বীৰ শ্বহীদ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে উপস্থিত থাকি কয় সন্ত্ৰাসবাদীৰ এনে কাপুৰুষশালী আৰু ঘৃণনীয় কাণ্ডৰ গৰিহণা ,নিন্দা আদি দিবলৈ ভাষা নাই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীক স্থান দিয়া পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দি শ্বহীদৰ আত্মা ,শ্বহীদৰ পৰিয়াল আৰু দেশবাসীক শান্তি দিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনায় শৰিফুল ইছলাম প্ৰধানীয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে উপ সভাপতি শাহীন জাবেদ আহমেদ, জাহিদ হাছান আহমেদ,সমাজ সচেতন ব্যক্তি ওমৰ আলী বি এছ চি,হেকমত আলী ,আব্দুৰ ৰহমান প্ৰধানী,শিৰাজুল ইছলাম আৰু স্থানীয় সচেতন ব্যক্তি সকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *