পৃথক বড়োলেণ্ডৰ দাবীত ৰৌতাত এবছুৰ বিশাল গণ সমাৱেশ: লক্ষাধিক এবছু কৰ্মীৰ উপস্থিতি

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ

8 ফেব্রুৱাৰী:

ওদালগুৰি জিলাৰ ৰৌতাত পৃথক বড়োলেণ্ড আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আজি এবছুয়ে আয়োজন কৰে এক বিশাল গণসমাৱেশ।উক্ত সমাবেশত লক্ষাধিক এবছু সমৰ্থক উপস্থিত হৈ উত্তাল কৰি তোলে ৰৌতাৰ আকাশ বতাহ ।উক্ত সমাবেশত উপস্থিত থাকে কেন্দ্ৰীয় এবছুৰ সভাপতি প্ৰমোদ বড়ো,অঞ্জলি দৈমাৰী আদি কৰি বহুতো নেতৃত্ব।অঞ্জলি দৈমাৰীয়ে উল্লেখ কৰে যে বড়োলেণ্ড বড়ো সকলৰ সাংবিধানিক অধিকাৰ,ছয় জনগোষ্ঠীক জনজাতিকৰণ দি বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে চৰকাৰে আমি কোনোপধ্যেই জনজাতিকৰণ হবলৈ নিদিও ।ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাটো চৰকাৰৰ এক ৰাজনৈতিক নাটক বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে নেত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *