প্রতিজন ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তর্ভুক্তিৰঢ়দাবী আমছুৰ, প্রকৃত ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ পৰিলে হাত সাবটি বহি নাথাকেঃ আমছু

আব্দুল বাৰেক , বিশ্বনাথ চাৰিআলি,

5 জানুৱাৰী :-

মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে । যোৱা কাইলৈৰ পৰা আৰম্ভ হৈছে অনলাইন যোগে নাম শুধৰণিৰ প্ৰক্ৰিয়া । ঠিক তেনে সময়তে আমছুৰ কেন্দ্ৰীয় উপ সভাপতি ছাইফুদ্দিন আহমেদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ১৯৭১চনৰ ২৪মাৰ্চৰ মাজ নিশাৰ পিছত অহা সকলো অবৈধ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব লাগিব ।দাবী আৰু আপত্তি এন আৰ চিৰ এক অন্যতম বিষয়-বস্তু বুলি উল্লেখ কৰি আমছুৱে কয় যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যিদৰে দাবী দাখিল কৰাৰ সুযোগ আইনমতে দিয়া হৈছে অনুৰূপ ভাৱে কোনো অবৈধ লোকৰ নাম যাতে অন্তভুৰ্ক্ত হব নোৱাৰে তাৰ বাবে আপত্তি দাখিল কৰাৰো ব্যৱস্থা ৰখা হৈছে ।
আমছুৰ স্পষ্ট কথাটো হল যে সংগঠনটোৱে বাতৰি কাকত যোগে পোৱা মতে ৩১ডিচেম্বৰৰ আগ নিশালৈকে মাত্ৰ ১৩০০ খন আপত্তিহে কৰা হৈছিল ।কিন্তু হঠাৎ ৩১ডিচেম্বৰ নিশা লৈকে প্ৰায় ৩ লক্ষাধিকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ খবৰ পোৱা গৈছে। আইনৰ গণ্ডীৰ ভিতৰত থাকি এন আৰ চিৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম অনুযায়ী যদি শুদ্ধ আৰু নিকা এন আৰ চি প্ৰস্তুত কৰাৰ স্বাৰ্থত আপত্তি দৰ্শোৱা হৈছে তাক আমছুৱে আদৰণী জনাইছে আৰু যদি নীতি বহিৰ্ভূতভাৱে কেৱলমাত্ৰ অযথা হাৰাশাস্তি কৰাৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা হৈছে তাক এন আৰ চি কতৃপক্ষ বা প্ৰতীক হাজেলাই শুনানিৰ আগতেই চালি-জাৰি চাই ভিত্তিহীন আপত্তি সমুহ খাৰিজ কৰিব লাগে আৰু পূৰ্ব নিৰ্ধাৰিত এন আৰ চিৰ বিধি অনুযায়ী নীতি বহিৰ্ভূতভাৱে কৰা আপত্তিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী জনাইছে আমছুৱে।অন্যথা দাবী আৰু আপত্তি নিষ্পত্তিৰ সময়ত মহামান্য উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি এন আৰ চিৰ ক্ষেত্ৰত প্ৰযোজ্য আইন উলংঘা কৰা পৰিলক্ষিত হ’লে আমছুৱে হাত সাবটি বহি নাথাকে বুলিও বিবৃতি উল্লেখ কৰিছে ।শুদ্ধ আৰু নিকা নাগৰিক পঞ্জীৰ ক্ষেত্ৰত যদি কোনো প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰে সেইয়া আমছুৱে কেতিয়াও সহ্য নকৰে। প্ৰয়োজন সাপেক্ষে আমছুৱে চৰকাৰ তথা প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাজ্যজুৰি ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়ে।

আপত্তি প্ৰসঙ্গত মহামান্য উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা SOP/Modalities; The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003 আৰু ৰাজ্যিক সমন্বয়কে ৩১.১২.২০১৮ তাৰিখে জাৰি কৰা নিৰ্দেশনাত আপত্তি (Objection) দাখিলৰ আইনী বিধান স্পষ্টভাবে উল্লেখ আছে।আপত্তিকাৰীয়ে নিজৰ নাম, মোবাইল নং, NSK আৰু সম্পূৰ্ণ ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক। শুনানীৰ সময়ত আপত্তিকাৰী (Objector) উপস্থিত থকাটো বাধ্যতামূলক। আপত্তিকাৰীয়ে শুনানীৰ সময়ত সাক্ষী/নথি দাখিল কৰাটো বাধ্যতামূলক। আইনী বিধানৰ লগত সংগতি নাৰাখি প্রতিলিপি (Cyclostyled) পদ্ধতিৰে দাখিল কৰা আপত্তি (Objection) শুনানীৰ বাবে গ্ৰহণযোগ্য হ’ব নোৱাৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অনুমোদিত SOP/Modalities ৰ Clause.3.2 (iv) মতে ভূৱা আপত্তি অথবা নাকচ হোৱা আপত্তিৰ ক্ষেত্ৰত নাগৰিকত্ব আইন ১৯৫৫ ৰ ধাৰা ১৭ প্ৰযোজ্য হ’ব। ধাৰা ১৭ মতে ৫ বছৰৰ জেল অথবা ৫০ হাজাৰ টকা জৰিমনা অথবা দুয়োটাই হ’ব পাৰে। আপত্তি নাকচ হ’লে আপত্তিকাৰীৰ ওপৰত গোচৰ তৰিবলৈ প্ৰকৃত ভাৰতীয় নাগৰিক প্ৰস্তুত থাকিবলৈ ৰাইজক আহ্বান জনায়। লগতে
ইয়াৰ বাবে ৰাজ্য খনত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ তথা প্ৰতীক হাজেলাই জগৰীয়া হব বুলিও স্পষ্ট কৰি দিছে আমছুৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *