প্রাক্তন মন্ত্রী নুৰজামাল চৰকাৰৰ ৰাজনৈতিক জীৱন ধবংসৰ বাতৰি সন্দর্ভত সংখ্যালঘু সংগ্রাম পৰিষদৰ স্পষ্টীকৰণ

২১ ডিচেম্বৰ: –

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন :

যোৱা ইং ১৯/১২/২০১৮তাৰিখে আমি অসমৰ জনগন বাতৰি কাকতত প্ৰকাশিত হোৱা প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ৰাজনৈতিক জীৱন ধ্বংস কৰাৰ ষড়যন্ত্ৰ শিৰোনামাৰ বাতৰি টো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰৰ ব্যক্তিগত মত বুলি প্ৰকাশ কৰে পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সাধাৰণ সম্পাদক নাজিৰ আহমেদে উল্লেখ কৰে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এক অৰাজনৈতিক সংগঠন সেয়ে, কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ ডি এফ আদি ৰাজনৈতিক দল সমুহৰ উৰ্ধত থাকি পৰিষদৰ সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু তথা সৰ্বস্তৰৰ জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি আছে। তেনেক্ষেত্ৰত কোনো ৰাজনৈতিক নেতাৰ আশ্ৰয় বা পক্ষপাতী হৈ কোনোধৰনৰ ৰাজনীতিৰ লগত আপোচ নকৰে। জিলা সমিতিৰ সভাপতি গৰাকীয়ে দিয়া বিজ্ঞপ্তিত তেখেতে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মাজত চলি থকা দলীয় সংঘাতত বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদক জড়িত কৰাব বিছৰাটো অতি দুৰ্ভাগ্যজনক কথা। তেখেতে ব্যক্তিগত ভাৱে মত দাঙি ধৰাত কোনো আপত্তি নাই কিন্তু এই ক্ষেত্ৰত আমি অৰাজনৈতিক সংগঠন হিচাপে কোনো ৰাজনৈতিক নেতাৰ পক্ষপাতী হব বিছৰা নাই , ইতিমধ্যে সভাপতি গৰাকীয়ে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া সকলক সেইটো নিজৰ ব্যক্তিগত মত বুলি পত্ৰ প্ৰেৰন কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিলা সম্পাদক নাজিৰ আহমেদে। লগতে সাধাৰণ সম্পাদক গৰাকীয়ে এইটোও বিবৃতিত উল্লেখ কৰে যে কোনো সদস্যই যদি আগন্তুক দিনত এনে ৰাজনৈতিক নেতাৰ লগত সংগঠনৰ লেবেল লগাই ওতপ্ৰোত সম্পৰ্ক ৰাখি পক্ষপাতিত্ব মুলক আচৰন কৰা পৰিলক্ষিত হয় তেন্তে তেওলোকৰ ওপৰত তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ বিহিত ব্যৱস্থাগ্ৰহণ কৰা হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *