ফুটামাৰীত আমছুৰ কমিটি গঠন ।

MANKACHAR , 16, জানুৱাৰী :

আজি আবেলি 3 বজাত দঃ শালমাৰা মানকাচৰ জিলাৰ ফুটামাৰি গাওঁত আমছুৰ এখন 21 জনীয়া শাখা কমিটি গঠন কৰা হয় । উক্ত

সভাখনত সভাপতিত্ব কৰে কালাপানী আঞ্চলিক আমছুৰ সভাপতি জামাল হুছেইনে । সভাখনত উপস্থিত থাকে দঃ শালমাৰা মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক মাইদুল ইছলাম (ৰিপন ) , জিলা আমছুৰ তথ্য প্ৰযুক্তি সম্পাদক ছফিউৰ ৰহমান, জিলা আমছুৰ সদস্য ৰাছেল আহমেদ, বাঘাপাৰা আঞ্চলিক আমছুৰ সভাপতি ছাইফুল ইছলাম আৰু কালাপানী আঞ্চলিক আমছুৰ উপ সভাপতি আবুল কালাম আজাদ । সভাখনত জিলা আমছুৰ সাধাৰণ সম্পাদক মাইদুল ইছলামে কয় যে আমছুৰ ফালৰ পৰা দূৰ্নীতিৰ বিৰুদ্ধে যুঁজি আছো আৰু যুজি থাকিম আপোনালোকে আগুৱাই আহক আমি আপোনালোকক এখন দূৰ্নীতি মুক্ত সমাজ উপহাৰ দিম । কালাপানী আঞ্চলিক আমছুৰ সভাপতি জামাল হুছেইনে কয় যে আপোনালোক আমাৰ আমছুৰ পিনে এখোজ আগুৱাই আহিলে আমি আমছুৰ হৈ চাৰিখোজ আপোনালোকৰ পিনে আগবাঢ়ি যাম ।আমি ৰাইজৰ হৈ আমছুৰ ফালৰ পৰা দূৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো আৰু সমাজখন দূৰ্নীতি মুক্ত কৰাত কেতিয়াও দূৰ্নীতিৰ লগতে আপোচ নকৰি সমাজৰ ভাল কামত ৰাইজৰ সহায় আৰু সহযোগিতাত আগবাঢ়ি যাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *