ফেকামাৰীত আত্মসহায়ক গোটৰ কাৰ্য্যালয় উদ্বোধন আৰু বহী বিতৰণ অনুষ্ঠান বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

২৬জানুৱাৰীঃ-

দঃশালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ সভাকক্ষত আজি আবেলি ২ বজাত ফেকামাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া দণ্ডাধীশ ড° দিপাংকৰ নাথৰ সভাপতিত্বত মূখ্য অতিথি মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ উপস্থিতিত আত্মসহায়ক গোটৰ এখন কাৰ্য্যালয় উদ্বোধন কৰা হয় আৰু লগতে ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪১ খন আত্ম সহায়ক গোটক বহী বিতৰণ কৰে বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলে। মহিলা সকলোক স্বাবলম্বী কৰা উদ্দেশ্যেৰে ভাৰপ্ৰাপ্ত ফেকামাৰী খণ্ড প্ৰকল্প প্ৰবদ্ধক বিষয়া দিলোৱাৰ হোছেইনৰ প্ৰচেষ্টাত প্ৰায় ২ শতাধিক মহিলা আত্ম সহায়ক গোটৰ কৰ্মী অনুষ্ঠানটোত উপস্থিত থাকে।

2 thoughts on “ফেকামাৰীত আত্মসহায়ক গোটৰ কাৰ্য্যালয় উদ্বোধন আৰু বহী বিতৰণ অনুষ্ঠান বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰঃ”

Leave a Reply

Your email address will not be published. Required fields are marked *