…………….. *বতৰীয়া মানৱ*………… বতৰীয়া মানৱ তুমি,ভিন্ন তোমাৰ ৰূপ ।

কবিতা ।

…………….. *বতৰীয়া মানৱ*…………

বতৰীয়া মানৱ তুমি,ভিন্ন তোমাৰ ৰূপ,
প্ৰণামৰ ছলেৰে হাতযোৰ কৰি,
হোৱা নদী পাৰ,
পাৰ হ’লত পাহৰি যোৱা,
মাঝি তুমি কাৰ ?

ঠাই ভেদে,বতৰ ভেদে সলোৱা তুমিৰূপ,
জাৰ-জহ পাৰ হৈ যায়,
দেখি নাপাওঁ তোমাৰ মূখ,
ৰাজভোগ কৰা তুমি হৈ নদী পাৰ,
সময়ৰ সোঁতত সলনি তুমি,
নিদিয়া কাণষাৰ ।

ফুলৰে মালা পিন্ধি,মহামানৱৰ ভাওযোৰি,
ইটো দিম,সিটো দিম,
কৰি জনতাক আভুৱা ভাৰি,
কুকিল কন্ঠৰ ফুলঝাডীৰে,
জয় কৰা জনতাৰ প্ৰাণ,
পাৰ হ’লে নদী তুমি,মাঝিলৈ নিদিয়া কাণ ।

সুস্থ-সৱল সমাজ গঢ়িম কিযে তোমাৰ বচন,
আহৰি নাই ঘুৰি চাৱলৈ,
বন্ধ কোঠালিৰ লেন-দেনত মগন,সময় কৰি পাৰ,
প্ৰাপ্যই নাপায় কান্দে,লাগি মনত দু:খ,
অপ্ৰাপ্যই পাই আনন্দ কৰে,লোৱা যে উ९কোচ ।
বতৰীয়া মানৱ তুমি,অবিশ্বাস্য তোমাৰ ৰূপ ।

লিখক🖋
*ছফিকুল ইছলাম(পাপ্পু)*
দূৰাভাষ : 8638797055

*তাং-১৩/১১/২০১৮*

Leave a Reply

Your email address will not be published. Required fields are marked *