বাক্সাৰ মানাহৰ অন্তর্গত ছংলাপানীত বনভোজস্থলী উন্মোচন:

বৰপেটাৰোডৰপৰা নজৰুল আলীৰ ৰিপৰ্ট, ২৪ ডিচেম্বৰঃ

আজি বাক্সা জিলাৰ অন্তৰ্গত কাহিতামাস্থিত বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত ছংলাপানীত ইইনাইটেড চ’চিয়েল ওৱেলফেয়াৰ চ’চাইটি (এন.জি.অ)ৰ উদ্যোগত এখন নতুনকৈ বনভোজস্থলী উদ্ধোধন কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বনাঞ্চলস্থিত জনবসতিহীন ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্যত ভূটানৰপৰা নামি অহা বেঁকী নদীখনৰ কাষেৰে বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটীৰ সুৱলা মাত, প্ৰাকৃতিক মনোমোহা দৃশ্য, নৈখনৰে বৈ যোৱা পানীৰ কুলু কুলু ধ্বনীয়ে আকৃষ্ট কৰিছে বনভোজ প্ৰেমী তথা প্ৰকৃতিপ্ৰেমী সকলৰ। এনেকুৱা মধুময় ঠাই পৰিদৰ্শন কৰিবলৈ অসমবাসীক আহব্বান জনাইছে উদ্যোক্তাসকলে। সোমবাৰে বনভোজস্থলীৰ দ্বাৰ উম্মোচন কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই। ইয়াৰ পিছতে বনভোজস্থলী কৰ্তৃপক্ষই বাগুৰুম্বা নৃত্যৰে ছাংলাপানী বনভোজ শিৱিৰলৈ আমন্ত্ৰীত অতিথিবৃন্দক আদৰি লৈ যায়। ইয়াৰ পিছত বনভোজস্থলী উদ্ধোধন কৰে বিটিচিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উপদেষ্টা ধৰণীধৰ বড়োই। বনভোজস্থলীৰ কাষতে ইউনাইটেড চ’চিয়েল ওৱেলফেয়াৰ চ’চাইটি নামৰ এন জি অ’ৰ নেতৃত্বত এখন সজাগতা সভা অনুষ্ঠিত কৰে। অনুষ্ঠানটিত আমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা, বিটিচিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উপদেষ্টা ধৰণীধৰ বড়ো, লাবদাংগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছিদ্দিক আলী আহমেদ, সমাজকৰ্মী শ্ৰী বানা সিং, নীলাম্বৰ নাথ প্ৰমূখ্য গণ্যমান্য ব্যক্তিসকলৰ লগতে স্থানীয় প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *