বাঘমাৰী আঞ্চলিক আমছুৰ উদ্দোগত শীতকালিন বীনামুলীয়া পাঠদান শিবিৰৰ শুভাৰম্ভ ।

নিউজ ডেস্ক ৰিপর্ট :

04 নৱেম্বৰ ।

আজি ইং ০৪ /১১/২০১৮ তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৰ বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত মকবুল হুছেইন হাই মাদ্ৰাছা প্ৰাঙ্গণত বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি আলি আহমেদ ডাঙৰীয়াৰ সভাপতিত্বত *শীতকালীন বিনামূলীয়া পাঠদান শিবিৰ* ৰ পৱিত্ৰ শুভাৰম্ভ অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয় । এই শীতকালীন বিনামূলীয়া পাঠদান শিবিৰত নৱম শ্ৰেণীৰ ইংৰাজী বিষয় আৰু দশম শ্ৰেণীৰ ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়ৰ ওপৰত আমিন হুছেইন , ওৱাহেদ আলি, জিয়াউল ৰহমান, নুৰ হুছেইন, জুলহাছিয়া আহমেদ, ইৰফান আলি, আতিকুৰ ৰহমান, আবিদুৰ ৰহমান, আব্দুল আলি ধৰি ৯ জন অভিজ্ঞ শিক্ষকে পাঠদান কৰিব। শীতকালীন বিনামূলীয়া পাঠদান শিবিৰৰ শুভ উদ্ধোধন কৰে আমছু ৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদ ডাঙৰীয়াই। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আলি আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আমিল হক, উপ-সভাপতি ছুলতান আহমেদ, সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, মূখ্য সাংগঠনিক সম্পাদক ইমান আলি, বাঘমাৰী আঞ্চলিক সমিতি উপদেষ্টা ক্ৰমে হুছেইন আহমেদ, হুছেইন ছিকদাৰ, ৰুস্তম আলি বাঘমাৰী আঞ্চলিক সমিতি কাৰ্য্যকৰী সভাপতি ইৰফান আলি, উপ-সভাপতি ক্ৰমে ছাত্তাৰ আলি, আয়ুব আলি, হিচাব বুদ্দিন আহমেদ, সাধাৰণ সম্পাদকদ্বায় মজম আলি , ওচমান গণি , সহসাধাৰণ সম্পাদক নুৰ ভক্তআলি, শিক্ষা সম্পাদক আতিকুৰ ৰহমান ধৰি আন আন বিষয়ববীয়া সকল , বাপুজী হাই স্কুল , মকবুল হুছেইন হাই মাদ্ৰাছা, এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকল লগতে প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *