বাবুৰ হাটত অসম সংখ্যালঘূ সংগ্রাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ তয় তম দ্বিভাষিক অধিবেশন।

বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্রতিবেদন:

7 জানুৱাৰী:

কালি অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতি ৰ ৩য় তম দ্বিভাষিক অধিবেশন অনুষ্ঠিত হৈ যায়। কালি বিলাসীপাৰা বাবুৰ হাট প্ৰাঙ্গণত বিয়লি ২.৩০ বজাত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ ৩য় তম দ্বিভাষিক অধিবেশন উপলক্ষে বিশাল মুকলি সভা অনুষ্ঠিত হয়। উক্ত মুকলি সভাত সভাপতিত্ব কৰে বিলাসীপাৰা জিলা সমিতি ৰ সভাপতি ইনামুল হকে। সভাত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ চাহাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংখ্যালঘূ জাতীয় সমস্যা সম্পৰ্কে বিস্তাৰিত ভাবে ভাষন প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে (ASSP)ৰ উপদেষ্টা তথা খাৰুপেটিয়া কলেজৰ অধ্যাপক নাজিৰ হুছাইন চাহাবে সংখ্যালঘূ জাতীয় সমস্যাৰ লগতে শিক্ষা সম্পৰ্কে ভাষন প্ৰদান কৰে। তেওঁ আৰু কয় যে সংখ্যালঘূ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা দৰে নেতাৰ প্ৰয়োজন আছে বুলি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে। অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদ বিলাসীপাৰা কেন্দ্ৰীয় উপ-সভাপতি আফজালুৰ ৰহমানে সংখ্যালঘূ জাতীয় সমস্যা সম্পৰ্কীয় বিস্তাৰিত ভাবে ভাষন প্ৰদান কৰে আৰু সংখ্যালঘূ ৰাইজৰ সমস্যাৰ ক্ষেত্ৰত সাহসী নেতা প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ প্ৰয়োজন আছে। তেওঁ প্ৰাক্তন বিধায়ক গৰাকীৰ প্ৰতি প্ৰশংসা কৰে। আমন্ত্ৰিত অতিথি হিচাপে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা উপস্থিত থাকি সংখ্যালঘূ জাতিৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সমাধান উপলক্ষে ভাষন প্ৰদান কৰে। সভাত এডজন অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নেতাৰ লগতে তিনি সহস্ৰাধিক ৰাইজে উপস্থিত থাকে। ইফালে সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে উক্ত অধিবেশনতে বিলাসীপাৰা জিলা সমিতি ৰ সভাপতি হিচাপে ফজৰ আলী মণ্ডলক দায়িকত্ব ভাৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *