বিনা বেতনেৰে গহপুৰত শিক্ষকৰ কৰুণ মৃত্যু শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ গভীৰ শোক

আব্দুল বাৰেক,নিউজ ডেস্ক,

০৬ মাৰ্চ: –

২৭ বছৰে বিনা বেতনেৰে শিক্ষকতা কৰি অহা গহপুৰ মহকুমাৰ এগৰাকী দুৰ্ভগীয়া শিক্ষকৰ ৫ মাৰ্চৰ দুপৰীয়া আকস্মিক মৃত্যুৱে মৰ্মাহত কৰি তুলিলে শিক্ষকসমাজক। কেশৱ কটকী (৫০)নামৰ এইগৰাকী শিক্ষকে মহকুমাটোৰ ব্ৰহ্মাজান চাহ-বাগিচা এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ১৯৯২ চনতে যোগদান কৰিছিল। শিক্ষকতাৰ দৰে মহান কৰ্মত জড়িত হৈ আছিল দুৰ্ভগীয়া শিক্শিক্ষক জন। বিনা বেতনেৰে শিক্ষকতা কৰি অহা কেশৱ কটকীয়ে ৫ মাৰ্চৰ পুৱা বিদ্যালয়ৰ পৰা তেজপুৰত অনুষ্ঠিত শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল। ঘৰত মিটিঙলৈ বুলি ওলাই থাকোতেই অকস্মাতে মাটিত বাগৰি পৰাত পৰিয়ালৰ লোকে গহপুৰৰ এফ আৰু ইউলৈ আনে যদিও দিনৰ ১২.১৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি ল’বলগা হয়। বিনা বেতনেৰে কোনোমতে পৰিয়াল পোহ-পাল কৰি অহা কটকীয়ে আৰ্থিক দীনতাৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল। মৃত্যুৰ সময়ত কেশৱ কটকীয়ে পত্নীসহ এগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান ইহঁ সংসাৰত এৰি থৈ যায়। ব্ৰহ্মাজান জালুকবাৰী নিবাসী শিক্ষক কটকীৰ আকস্মিক মৃত্যুত শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই গভীৰ শোকৰ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *