বিলাসীপাৰাত ৭০তম গণৰাজ্য দিৱস উদযাপন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

,২৬ জানুৱাৰী:-

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো আজি দেশৰ ৭০ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্য্যসুচীৰে উদযাপন কৰা হয়।মহকুমা প্ৰশাসনৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় পাঁচ হাজাৰ ৰাইজৰ উপস্থিতিত বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মাননীয় ৰোহন কুমাৰ ঝা (আই এ এছ ) আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী, এন চি চি, তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত কুচকাৱাজৰ অভিবাদন গ্রহণ কৰে ।পতাকা উত্তোলন কৰাৰ পিছত নিজ ভাষণত মহকুমাধিপতিয়ে উপস্থিত ৰাইজক গণতন্ত্ৰ দিৱসৰ ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰে লগতে তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামৰ হকে প্ৰাণহুতি দিবলৈ কুন্ঠাবোধ নকৰা বিভিন্ন জ্ঞাত -অজ্ঞাত বীৰ তথা চিৰনমস্য শ্বহীদ সকলক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ।
উক্ত অনুষ্ঠানত স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য গীত আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম পৰিবেশন কৰা হয় । গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক আজি মহকুমাটোত কেন্দ্ৰীয় ভাৱে উদযাপিত গণতন্ত্ৰ দিৱস অনুষ্ঠানত পুৰস্কাৰ বিতৰণ কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *