বিলাসীপাৰাস্হ সাংবাদিকৰ দল এটাই শগুনমাৰীত আকস্মিক প্ৰবেশ

কদমতলা ২১৫৬ নং পুৰণা হাজীপাৰা এল পি স্কুল খোলা দিনত তলা ওলমাই থকা প্ৰত্যক্ষ -পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য ই নাজানে বিদ্যালয় খোলা নে বন্ধ
_________________________

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

,১৮ জানুৱাৰী:-

যোৱা ১৪ আৰু ১৫ জানুৱাৰী ২০১৯ তাৰিখে ভোগালী বিহু উকলি যোৱাৰ পিছত আজি বিলাসীপাৰাস্হ সাংবাদিকৰ দল এটাই আকস্মিক ভাবে ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁৱ পঞ্চায়তত প্ৰবেশ কৰি কদমতলা ২১৫৬নং পুৰণা হাজীপাৰা এল পি স্কুলত তলা ওলমাই থকা প্ৰত্যক্ষ কৰে। সাংবাদিকৰ দলটোৱে বিদ্যালয় খনৰ তলা ওলোমাই থকা প্ৰত্যক্ষ কৰি উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক মাতি আনি বিদ্যালয় বন্ধ তথা তলা ওলোমাই থকা সম্পৰ্কে অৱগত কৰা হয়। সভাপতি গৰাকীয়ে কয় যে আজি কোনো বিদ্যালয় বন্ধ নাই। কিন্তু আজি কিয় এইখন বিদ্যালয় বন্ধ এই বিষয়ে মই একো নাজানো? ইয়াৰ দ্বাৰাই বুজা যায় যে বিগত দিনত বিদ্যালয় খনৰ শিক্ষক সকলে কিমান দূৰ নিয়মীয়া পাঠদান কৰিছে বুলি তাৰ জলন্ত উদাহৰণ আজি বিদ্যালয় খন বন্ধ বা তলা ওলোমাই থকাই প্ৰমাণ কৰিলে। এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *