বিলাসীপাৰা কৃষ্ণনগৰত নিউ জেনাৰেশন ক্লাবৰ(NGC) সৌজন্যত দিবা- নৈশ ভলীবল প্ৰতিযোগিতা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

, ১৪ জানুৱাৰী:-

ধুবুৰী জিলাৰ বিলাসীপাৰা কৃষ্ণনগৰত যোৱা কালি নিউ জেনাৰেশন ক্লাবৰ (NGC) সৌজন্যত এদিনীয়া কাৰ্যসূচীৰে দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্যসুচী অনুসৰি যোৱা নিশা ৭ বজাত দিবা নৈশ ভলীবল প্ৰতিযোগিতা শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন বিলাসীপাৰা কৃষ্ণনগৰ স্থানীয় সমাজ সেৱক তথা আলহাজ জয়নাল আবেদীন চাহাবে। উল্লেখ্য যে দিবা নৈশ ভলীবল প্ৰতিযোগিতাত প্ৰায় ২০ টা ভলীবল টিমে অংশ গ্ৰহণ কৰে। ২০ টিমোৰ মাজত অনুষ্ঠিত হোৱা খেল খনত সুৰ্য্যখাতা ক্লাবে প্ৰথম স্হান লাভ কৰে আৰু গৌৰীপুৰ টিমে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় আৰু মেন অৱ দা মেছ হিচাবে সুৰ্য্যখাতা আব্দুল বাতেনক ঘোষণা কৰা হয়। দুযোটা টিমোৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। প্ৰথম পুৰস্কাৰ নগদ ১০( দহ ) হাজাৰ লগতে এটা ট্ৰোফি আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৬ (ছয়) হাজাৰ টকাৰ লগতে এটা ট্ৰোফি দিয়া হয়। উক্ত দিবা নৈশ ভলীবল প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাপে বিলাসীপাৰা জিলা আমছুৰ সভাপতি আঃ ওহাব, সমাজ সেৱক তথা নায়েৰ আলগা সমবায় সমিতিৰ চেয়াৰমেন ছাদেক আলী আহমেদ, সমাজ সেৱক হবিবৰ ৰহমানৰ লগতে বিলাসীপাৰা অঞ্চলৰ শিক্ষক মণ্ডলী আৰু ক্লাবৰ কৰ্ম কৰ্তা সকলৰ উপৰিও সহস্ৰাধিক যুবক-যুৱতীয়ে উপস্থিত থাকি খেল উপভোগ কৰে। নিউ জেনাৰেশন ক্লাবৰ সৌজন্যত দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাত ৰাইজে প্ৰসংশা কৰে।

biyte- ক্লাবৰ কৰ্ম কৰ্তা আৰু বিলাসীপাৰা আমছুৰ সভাপতি আঃ ওহাব চাহাবে।

বিলাসীপাৰা পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *