বিলাসীপাৰা গৌৰাং নৈৰ ঘাটত ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত সাৰ্বজনীন প্ৰতিমা বিসৰ্জনৰ দুৰ্ঘটনা মোকাবিলা কৰাৰ বাবে উদ্ধাৰ কাৰী দল সাজু

বিলাসীপাৰা,১৯ অক্টোবৰ:-

ধুবুৰী জিলাৰ বিলাসীপাৰাত অইন অইন বছৰৰ দৰে এই বেলি ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত বানিয়া পাৰা গৌৰাং নৈত প্ৰতিমা বিসৰ্জনত কোনো লোক সলিল সমাধি ঘটিবলৈ সম্ভাৱনা থকাৰ বাবে আগতীয়াকৈ উদ্ধাৰ কাৰী দল সাজু হৈ থকা দেখা গৈছে। ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্ধাৰকাৰী দল এটাই গৌৰাং নৈৰ প্ৰতিমা বিসৰ্জন দিয়াত যিকোনো দুৰ্ঘটনাৰ মোকাবিলা কৰাৰ বাবে যাৱতী ব্যৱস্থা গ্ৰহণৰে ঘাটত যন্ত্ৰ চালিত নাওঁৰে সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ উদ্ধাৰকাৰী দল আৰু প্ৰাথমিক চিকিৎসাৰ দলৰ মাজত আছে সৰিফ আহমেদ, বাপন শৰ্মা, সামিম মোল্লা , চাৰ্লছ চৌধুৰী, আজিজুৰ ৰহমান, শাহাদত আলী, ভানুমতি পাল কে ধৰি ৰেডক্রছৰ কৰ্মী সকলে সষ্টম হৈ আছে।

Byte — ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ সভাপতি ডাঃ কানু লাল দাস

বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *