বিলাসীপাৰা থানা মোৰৰ তিনি আলিৰ পৰা কৃষ্ণনগৰ তথা নায়েৰ আলগালৈ যোৱা ৰাস্তাটোৰ দুৰৱস্হা:

কোনো মন্ত্ৰী,বিধায়কে, আহৰি নাপায় নাই নেকি ?
—————————————-নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট;

27 অক্টোৱৰ:

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নগৰ সমিতিৰ অধীনত থকা বিলাসীপাৰা থানা মোৰৰ তিনি আলিৰ পৰা কৃষ্ণনগৰ তথা নায়েৰ আলগালৈ যোৱা পথটো বিগত প্ৰায় 2(দুই)বছৰৰ অধিক সংখ্যক সময়ৰ পৰা এই ৰাস্তাটো এনেদৰে জৰাজীৰ্ণ হৈ থকাত ৰাস্তাটোত অটোৱালা , মটৰ চাইকেলৱালা , টটোৱালা দুৰ্ঘটনাত সন্মুখীন হ’বলগা হৈছে। ৰাস্তাটোত দিনত প্ৰায় লক্ষ, লক্ষ মানুহ গাড়ী যাতায়াত কৰে।তথাপি কোনো মন্ত্ৰী, বিধায়ক, আহৰি নোপোৱাত বৰ দুঃখ আৰু পৰিতাপৰ বিষয়।কেৱল ভটোৰ সময়ত অকল ভোট লব পাৰে মন্ত্ৰী, বিধায়কে।কিন্তু ৰাস্তা – ঘাটৰ প্ৰতি আহৰি নোপোৱাত এইটো এক দূৰ:ভাগ্যজনক বিষয় হৈ পৰিছে।উক্ত ৰাস্তাটোৰ মেৰামতিৰ কাম যাতে অনতিপলমে আৰম্ভ কৰে মন্ত্ৰী, বিধায়কে। তাৰ প্ৰতি ৰাইজে আহৱান জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *