বিলাসীপাৰা বিহু সন্মিলনী উদ্যোগত ভোগালী বিহু উদযাপন

_________________________বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

১৬ জানুৱাৰী:-

অসমত নাগৰিকত্ব সংশোধনী বিলক লৈ ধাৰা বাহিক আন্দোলন চলি থকা সময়ত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাত সকলো জনগোষ্ঠীয়ে সমান্তৰাল ভাৱে বিলাসীপাৰা বিহু সন্মিলনী উদ্যোগত ভোগালী বিহু উদযাপন কৰা হয়। ভোগালী বিহু উদযাপন উপলক্ষে আজি পুৱা ঌ বজাত বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত বিভিন্ন দল সংগঠনৰ লগতে সকলো জাতীয় জনগোষ্ঠীৰ অসমীয়া জাতিৰ পৰম্পৰা সমান্তৰাল ভাৱে মেজিত জুই জ্বলাই দিয়া হয়। মেজিত জুই লগায় আমন্ত্ৰিত অতিথি হিচাপে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুবব্ৰত সেন ডাঙৰীয়াই। সেন ডাঙৰীয়াই মেজি আৰু ভোগালী বিহু উদযাপন উপলক্ষে ভাষন প্ৰদান কৰে। তেওঁ ভোগালী বিহু শুভেচ্ছা জনায় আৰু বিহুৰ পৰম্পৰা সম্পৰ্কে আলোচনা কৰে। উক্ত কাৰ্যসুচীত বিলাসীপাৰা বিহু সন্মিলনীৰ সভাপতি প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদ, সম্পাদক পুৰন্দন নাথ, বিলাসীপাৰাৰ জেষ্ঠ নাগৰিক দয়াল পাল, জেষ্ঠ সাংবাদিক আলতাপ হুছাইন আহমেদ আৰু জেষ্ঠ নাগৰিক নুৰ মহম্মদ আলী অংশ গ্ৰহণ কৰি ভোগালী বিহু সম্পৰ্কীয় অনুভৱ মত প্ৰকাশ কৰে। পাছত বিলাসীপাৰা ৰাজহুৱা গ্ৰন্থাগাৰত আয়োজিত পুষনা দৈ চিৰা মিঠাই মূৱা মুৰি পিঠা পনা আদিৰে ভোজ কৰা হয়। উক্ত কাৰ্যসুচীত চিকিৎসক কানু নাল দাস, ওস্তাদ কৰিম খান আদি কৰি বিভিন্ন গন্য-মান্য ব্যক্তিৰ লগতে সৰু সৰু ল’ৰা ছোৱালী উপস্থিত থাকি বিহু গান নাচ আদি উপভোগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *