বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত নেৰিটছ’ৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

৬ ফেব্ৰুৱাৰী :-

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত নেৰিটছ জ্ঞান সৰোবৰৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে । উক্ত প্ৰশিক্ষণ শিবিৰত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীৰ লগত উপস্থিত থাকে নেৰিটছ’ৰ পৰিচালক সঞ্চালক মাননীয় পিঙ্কু চৌধুৰী নেৰিটছ’ৰ জন সম্পৰ্ক কৰ্তা বিজয় কুমাৰ নাথ সাংবাদিক প্ৰশান্ত কুমাৰ দাস, ফৰিছ উদ্দিন আহমেদ ।
এদিনীয়া প্ৰশিক্ষণ শিবিৰত শিক্ষাৰ্থী সকলক পোনপটীয়াকৈ শুদ্ধ নিয়মাৱলীৰ আৰু কৰণীয় কত্তৰ্ব্যৰ বিষয়ে ব্যখ্যা কৰে পিঙ্কু চৌধুৰী দেৱে আৰু সহযোগ কৰে বিজয় কুমাৰ নাথে ।সমূহ প্ৰশিক্ষাৰ্থীৰ পূৰ্বৰ অভিজ্ঞতা আৰু মতামত ৰ সৈতে আলোচনা আগবঢ়ায় সাংবাদিক প্ৰশান্ত কুমাৰ দাসে ।
দিনজোৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত সকলোৰে মঙ্গল প্ৰাৰ্থনা কৰি এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সমাপ্তি ঘোষণা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *