বিশিষ্ট শিক্ষাবিদ আলহাজ মুফতি ছৈদুৰ ৰহমান ছাহাবৰ দেহাৱসান ।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন :

06 ডিছেম্বৰ :

————-শোক প্ৰকাশ———– সকলোৰে প্ৰিয় শিক্ষাগুৰু সকলৰ
অন্যতম এমাৰতে শ্বৰীয়ত শোণিতপুৰ জিলা, ছোৱাগুৰী হুছাইনিয়া মাদ্ৰাছাৰ অধ্যক্ষ শ্ৰদ্ধাৰ আলহাজ *মোফতি_মৌলানা_চৈদুৰ_ৰহমান* হজুৰৰ ইন্তেকালত (মৃত্যু) ৰ *আমছুৰ বিশ্বনাথ জিলা সমিতিৰ পৰিয়াল,বিশ্বনাথ জিলা সমিতি জমিয়ত উলামায়ে হিন্দ , বিশ্বনাথ জিলা সমিতি ইমাম পৰিষদ আদি দল সংগঠনৰ নেতৃবৃন্দ অত্যন্ত মৰ্মাহত হৈছে। প্ৰয়াত আলহাজ #মোফতি_মৌলানী_চৈদুৰ_ৰহমান হজুৰৰ শিক্ষাৰ ক্ষেত্ৰত ভুমিকা আছিল অতুলনীয় । তেখেতৰ ঋন কোনো দিনেই পৰিশোধ কৰিব নোৱাৰিব বিশ্বনাথবাসী। তেখেতৰ বিয়োগত সচাকৈয়ে অবিভাৱক বিহীন উপলব্ধি কৰিছে বিশ্বনাথ বাসী ৰাইজে| মহান আল্লাহে আলহাজ #মোফতি_মৌলানা_চৈদুৰ_ৰহমান হজুৰক জান্নাতুল ফিৰদাউছত স্থান দিয়ক, প্ৰয়াত হজুৰৰ ৰূহ (আত্মা)ৰ চিৰশান্তি কামনা কৰিছে অসমবাসীয়ে। শোকসন্তপ্ত পৰিয়াল বৰ্গ তথা শুভাকাংক্ষীলৈ বিশ্বনাথৰ একাংশ দল সংগঠনে গভিৰ সমবেদনা জ্ঞাপন কৰিছে আৰু সকলোকে আলহাজ #মোফতি_মৌলানা_চৈদুৰ_ৰহমান হজুৰৰ বিদেহী আত্মাৰ (ৰূহৰ) চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাছে।
তেখেতৰ জানাজা নামাজত দহ হাজাৰতকৈ অধিক লোক উপস্থিত হয় ছোৱাগুৰী হুছাইনিয়া মাদ্রাছাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *