বিশ্বনাথত জাগৰণৰ উদ্যোগত প্রধানমন্ত্রী আৰু সর্বানন্দৰ প্রতিকৃতি দাহ।

নিউজডেস্ক ৰিপর্ট:

07 জানুৱাৰী:

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত, জাগৰণৰ উদ্যোগত আৰু বিশ্বনাথ বাসী ৰাইজৰ সহযোগত শতাধিক ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিশ্বনাথৰ আকাশ বতাহ কপাই তোলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱালৰ মুৰ্দাবাদ, অসম চৰকাৰক ধ্বীকাৰ, বাংলাদেশী বিদেশী মুৰ্দাবাদ, বাংলাদেশী বিদেশী গ’ বেক শ্লগানৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়া পুলিচ পইন্টত । লগতে প্ৰতিবাদকাৰী সকলে জাতিধংসী বিধেয়ক খন দাহন কৰাৰ লগতে বিধেয়ক খন বাতিল নহলে তীব্ৰ আন্দোলনৰ লগতে আত্মজাহৰ হুংকাৰ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *