বিশ্বনাথত প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীৰ প্রতিকৃতিদাহ।

নিউজ ডেস্ক ৰিপর্ট:

05 জানুৱাৰী:

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত বিশ্বনাথ চাৰিআলিৰ মাজমজিয়া পুলিচ পইন্টত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম বিশ্বনাথ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱালৰ মুৰ্দাবাদ, অসম চৰকাৰক ধ্বীকাৰ, বাংলাদেশী বিদেশী মুৰ্দাবাদ, বাংলাদেশী বিদেশী গ’ বেক শ্লগানৰে উত্তাল পৰিৱেশ কৰে। বিশ্বনাথ চাৰিআলিৰ মাজমজিয়া পুলিচ পইন্টত । লগতে প্ৰতিবাদকাৰী সকলে জাতিধংশী বিধেয়ক খন বাতিল নহলে তীব্ৰ আন্দোলনৰ লগতে আত্মজাহৰ হুংকাৰ দিয়ে পৰিষদৰ lসংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিজিত শইকীয়া , জিলাৰ সভাপতি নিত্যানন্দ দাস, সম্পাদক ভাস্কৰ দাসকে ধৰি একাংশ কৰ্মী উপস্থিত থাকে l

Leave a Reply

Your email address will not be published. Required fields are marked *