বিশ্বনাথৰ অগ্ৰনীয় সমাজিক অনুষ্ঠান ‘জাগৰণ’।

যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰ তাৰিখে গুৱাহাটীকে ধৰি অসমৰ বৰপেটা আৰু কোকৰাঝাৰত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিৰ্মমভাৱে প্ৰাণ আহুতি দিয়া সকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে যি সকলে চিৰ জীৱনৰ কাৰনে ঘূণীয়া হ’ল সেই সকলৰ আশু- আৰোগ্য কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী কৰা হয়।
লগতে আমি ‘জাগৰণৰ’ তৰফৰ পৰা চৰকাৰক উক্ত ঘটনাৱলীৰ উচিত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে যি সকল বৰ্তমানও ঘূনীয়া হৈ আছে তেখেত সকললৈ চৰকাৰী সাহাৰ্য্য তথা সংস্থাপনৰ কাৰনে দাবী জনালো। জয় আই অসম।।
ভাস্কৰ বৰুৱা
সহকাৰী সম্পাদক
জাগৰণ।।

Leave a Reply

Your email address will not be published. Required fields are marked *