বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যক স্মৰণ ।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন।

24 ডিছেম্বৰ :

আজি 24/12/2018 তাৰিখে বিশ্বনাথ চাৰিআলি শাখা সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য স্মৃতি দিৱসভাগ অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠান ভাগৰ লগত সংগতি ৰাখি পুৱা 8:45 অসম সাহিত্য সভা পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি কমল চন্দ্ৰ ভূঞা দেৱে ৷ ইয়াৰ পাছতে 10:00 বজাৰ অসম সাহিত্য সভাৰ গীত “চিৰ চেনেহী মোৰ ভাষা জননী“ৰে আৰাম্ভণী কৰা স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে- কমল চন্দ্ৰ ভূঞা দেৱে ৷ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিশু সাহিত্যক কনকলতা নেওগে ৷ অনুষ্ঠান ভাগত নিৰ্দিষ্ট বক্তাৰ আসন উপস্থিত থাকে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক ৰত্ন কিংকৰ গোস্বামীদেৱে ৷ তেখেতে বক্তব্যত অগ্নকবি কমলাকান্ত ভট্টাচাৰ্যৰ জীৱন- দৰ্শনৰ ওপৰত সুন্দৰ বাখ্যা উপস্থাপনৰ যোগেদি উপস্থিত সদনক আপ্লুত কৰি তুলে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ৰাণা হাজৰিকাদেৱে ৷ অনুষ্ঠানটোত
কবিতা- গীতৰে জীপাল কৰে অজিত কুমাৰ হাজৰিকা, কবিতা দাস, বীণা দত্ত কেওট, জ়য়া মালাকাৰে ৷ সমজুৱাৰ একাষাৰত থুলেশ্বৰ নাথ, পুতুল শৰ্মা বক্তব্য ৰাখে ৷
কাৰ্যসূচী ভাগ আতঁধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই শাখা সাহিত্য সভাৰ সম্পাদক অঞ্জন বৰাই ৷ আজিৰ সভাত যোগেন চন্দ্ৰ শৰ্মা, তৰুণ শইকীয়া, অৰুণা বৰা, অপূৰ্ব কুমাৰ দাস, প্ৰতাপ শইকীয়া, হীৰেণ বৰা, মায়া বৰঠাকুৰ, কল্পনা ভূঞা, মীনাক্ষি দেৱী, লীলা উপাধ্যায়
আদিয়ে অংশগ্ৰহণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *