বিশ্বনাথ জিলা ৰেড ক্রচ চচাইটি :

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন :

07 ডিছেম্বৰ :

আজি বিয়লি ৩ বজাত সন্মানীয় বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ সভাপতিত্বত আৰু ৰাজ্যিক সাধাৰণ সম্পাদক দিগন্ত বুজৰবৰুৱা আৰু ৰাজ্যিক উপদেষ্টা, সোনাপুৰৰ প্লাজমা ফিজিক্স গবেষণা কেন্দ্ৰৰ জন্মদাতা ডঃ সৰ্বেশ্বৰ বুজৰ বৰুৱাৰ উপস্থিতত বিশ্বনাথ চাৰিআলিৰ উপায়ুক্তৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়‌। সভাত সভাপতি : উপায়ুক্ত, উপ সভাপতি : শ্ৰদ্ধাৰ জিতেন ভাগৱতী, চেয়াৰমেন : ডঃ সুশীল গোস্বামী, ভাইচ চেয়াৰমেন : ডাঃ ৰঞ্জন গগৈ, সাধাৰণ সম্পাদক : ডাঃ অমল
শইকীয়া, সাংগঠনিক সম্পাদক : অৰিন্দম বৰা, সঞ্জয় তাতি, ধনভৰালী : ডাঃ ভূপেন হাজৰিকা আৰু এক্সিকিউটিভ সদস্য : স্বপনা বৰা দাস, মিনতি বৰঠাকুৰ, বিদ্যুৎ শৰ্মা, প্ৰতাপ শইকীয়া, ভাৰ্গৱ বৰুৱা, জ্যোতি ভূঞা, ডঃ ৰত্নকিঙ্কৰ গোস্বামী, ডঃ সঞ্জীৱ উপাধ্যায়, বিজয় গোস্বামী, ডঃ অঞ্জন ওজা, সৌমিত্ৰ বৰুৱা, তৰুণ শইকীয়া, জমিৰ আহমেদ, ৰিপুঞ্জয় বৰদলৈ, থুলেশ্বৰ নাথ, দূৰ্গেশ্বৰ শইকীয়া, ৰিশব হাজৰিকা, ধনেশ্বৰ বৰাকলৈ এখন সমিতি গঠন কৰা হয়। ৰাইজৰ আৰ্শীবাদ আৰু সহায় সহানুভূতি পালে বিশ্বনাথ জিলা ৰেড ক্ৰচ চচাইটিয়ে নতুন গতি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *