বিহালীৰ বাঘমৰা ব্লক কংগ্ৰেছত খহনীয়া ।

আব্দুল বাৰেক,

বিহালী, ২৩ নৱেম্বৰ:

– ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে ৰাজনৈতিক দলসমূহৰ তৎপৰতাও সিমানেই বৃদ্ধি পাইছে । যদি কোনোবাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে আন কোনোবাই আকৌ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত যেন তৃণমূল পৰ্যায়ৰ কৰ্মী যোগদানৰ প্ৰতিযোগিতাহে চলিছে । আজি
বিহালী সমষ্টিৰ বাঘমৰা ব্লক কংগ্ৰেছত ব্যাপক খহনীয়া ।
ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত খৰাশিমলু গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেণু বসুমতাৰীয়ে চলোৱা লুণ্ঠনৰাজৰ প্ৰতি অতিষ্ট হৈ আজি খৰাশিমুলুত অনুষ্ঠিত হোৱা বিজেপিৰ এক নিৰ্বাচনী সভাত ১৩২ জনকৈ কংগ্ৰেছ কৰ্মী আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰা বুলি বিজেপিৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে । ঠিক একেদৰে মিজিকা গাঁও পঞ্চায়তৰ পৰাও বিজেপিৰ ৬ খনকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত সৰ্বমুঠ ৩০২ জন কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ পৰা বিজেপি দললৈ আনুষ্ঠানিক ভাৱে গমন কৰা বুলি বিজেপিৰ দলীয় সূত্ৰই প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ ।

Leave a Reply

Your email address will not be published. Required fields are marked *