বিহালী থানাৰ ভাৰ প্ৰাপ্ত বিষয়াক আনুষ্ঠানিক ভাৱে বিদায়

আব্দুল বাৰেক ,নিউজ ডেস্ক ,

৮ মাৰ্চ:-

বিহালী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত যোৱা কালি বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰুৱাক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয় ।বিহালী থানা কমিটিৰ সভাপতি ম: জৈনুদ্দিন আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে বিহালী গাঁওৰক্ষী বাহিনীৰ সম্পাদক দীপক প্ৰধানে ।সভাত বৰুৱাক ফুলাম গামোচা, শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰে থানা কমিটিৰ কাৰ্যকৰী সভাপতি কুমুদ শইকীয়াই ।বিগত সময়চোৱাত বিহালী থানাত শান্তি শৃংখলা বজাই ৰখাত যঠেষ্ট সচেতনতা অবলম্বন কৰা আৰক্ষী বিষয়া গৰাকী কৰ্ম সূত্ৰে পদোন্নতি হৈ যোৱাত বিহালীত সচেতন যুবক চিৰাজ হাজৰিকাই দুষ প্ৰকাশ কৰে। সভাত বাহাদুৰ কায়স্থ, ম:আব্দুল মালিক, লক্ষী ভৰালি,ভূবন লুইটেল, গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক,বিহালী থানাৰ উপ পৰিদৰ্শক আদিয়ে প্ৰদীপ কুমাৰ বৰুৱাই কৰি যোৱা কাম- কাজক শলাগ লয় ।বিদায়ী বৰুৱাই বিহালী ৰাইজৰ মৰম স্নেহ আৰু সহযোগীতাৰ কথা পাহৰিব নোৱাৰো বুলিও উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *