বিহালী প্রেছ ক্লাবৰ উদ্যোগত ৰতোৱাত চাফাই অভিযান:

বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ প্রতিবেদন:

২৯ ডিচেম্বৰ :-

বিহালী সমষ্টিৰ অন্তৰ্গত ৰতোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অকৰনীয় সেঁতুৰ দুয়োকাষে ভৰি পৰা জংঘলে ঘাইপথটোত বিপদাপন্ন কৰি তুলিছে। হাবি-জংঘলেৰে ভৰি পৰাত যিকোনো মহূৰ্ততে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত আজি বিহালী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু বাঘমৰা উন্নয়ন খণ্ডৰ সহযোগত চাফাই অভিযান চলোৱা হয় । দূৰ-দূৰনীৰ যাত্ৰীয়ে নিশা অহা-যোৱা কৰা পথটোত ঘন জংঘলেৰে ভৰি পৰাত সন্মুখৰ পৰা অহা গাড়ী-মটৰ সমুহ দেখা পোৱা নগৈছিল, ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল। আজি বিহালী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক খগেন মটকে আঁত ধৰা অনুষ্ঠানটিত হাতত দা লৈ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সৈতে চাফাই অভিযান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই,। এই চাফাই অভিযান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে’, বিহালী উন্নয়ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হবিবুৰ ৰহমান, নৱ নিৰ্বাচিত জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাস,জিনজিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্যা শেৱালী শৰ্মা, জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল কুমাৰ দাস, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন সভাপতি ভুবন লুইটেলকে ধৰি প্ৰায় অৰ্দ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে । বিহালী প্ৰেছ ক্লাবে সময়ে সময়ে এনেধৰণৰ জনহিতকৰ কাৰ্য্য ৰূপায়ন কৰি অহাত স্থানীয় লোকে শলাগ লৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *