বিহু মেলাৰ নামত ৰমৰমীয়া জুৱা আৰু অশ্লীল নৃত্য , বন্ধ কৰিব নে জিলা প্ৰশাসনে ?

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৭ জানুৱাৰীঃ-

ৰাজ্যত এতিয়া বিহুৰ বতৰ । সকলোৱে ব্যস্ত হৈ পৰিছে বিহুক লৈ । কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিহুৰ নামত চলিছে কি ? প্ৰায় প্ৰতিটো ঠাইতেই বিহু মেলা পাতিছে । কেৱল বিহু মেলা পতাই উদ্দেশ্য নে ? এনেবোৰ হাজাৰ প্ৰশ্নৰ উদ্ভৱ হৈছে সাধাৰণ জনতাৰ মনত । ভয়ংকৰ সত্য এই যে , বিহু মেলা পাতি কিছুমান অসাধু চক্ৰৱে চলাইছে জুৱা আৰু নৃত্যৰ ৰমৰমীয়া বেহা ।
যতেই বিহু মেলা পাতিছে , তাতেই আৰম্ভ কৰিছে জুৱা আৰু নৃত্যৰ বজাৰ । এনেকুৱা অবৈধ কাম নকৰিবলৈ দঃ শালমাৰা মানকাচৰ জিলা আমছু আৰু কালাপানী আঞ্চলিক আমছু জিলা প্ৰশাসনক আৰক্ষী বিষয়া লৈ দাবি জনাইছে ৷ কালাপানী আঞ্চলিক আমছুৰ সভাপতি জামাল হুছেইনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – বিহুৰ নামত এনেকুৱা ভণ্ডামি কেতিয়াও সমৰ্থন যোগ্য কৰা নহব । আমি জিলা প্ৰশাসনক অনুৰোধ জনাও যে , অতি সোনকালে এনেকুৱা অবৈধ কাম বন্ধ কৰক ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আমছুৰ সাধাৰণ সম্পাদক মাইদুল ইছলামে কয় – আমি এনেকুৱা কামক ধিক্কাৰ জনাইছো । বিহুক এনেকৈ বিকৃত ৰুপত উপস্হাপন কৰাটো আমি কেতিয়াও সমৰ্থন নকৰো । সোনকালে এই কামবোৰ জিলা প্ৰশাসনে বন্ধ কৰক । আমাৰ জাতীয় উৎসৱক লৈ এটা দুষ্ট চক্ৰই ব্যৱসা কৰিবলৈ লৈছে । বিহুক বিকৃত ৰুপত উপস্হাপন কৰিব বিচাৰিছে । এনেকুৱা কাম বন্ধ কৰক জিলা প্ৰশাসনে । সমাগত ছাত্ৰ-ছাত্ৰীৰ চুড়ান্ত পৰীক্ষা । এই পৰীক্ষাৰ সময়ত গোটেই ৰাতি উচ্চ স্বৰে মাইক বজাই ছাত্ৰ-ছাত্ৰীৰ পঢ়াত অসুবিধা হৈছে । ইয়াৰ বাবে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্হা লওঁক । প্ৰশাসনে যদি জ্ঞাত নহয় , তেনেহ’লে প্ৰতিটো বিহু মেলাত আহি ইয়াৰ সঠিক তদন্ত কৰক । বিহু মেলাৰ নামত এনেকুৱা কৰিলে উঠি অহা নৱ প্ৰজন্ম ধব্বংসৰ দিশত গতি কৰিব সেয়া নিশ্চিত । গতিকে , মই দক্ষিণ শালমাৰা জিলা প্ৰশাসনক অনুৰোধ জনাও যে , সোনকালে এনেকুৱা বিহু মেলা বন্ধ কৰক । জিলা প্ৰশাসনে কি ব্যৱস্হা লয় , সেয়া হ’ব লক্ষনীয় বিষয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *