বৰজাৰণীত দল হিচাপে নহয়, প্ৰাৰ্থী হিচাপেহে ভোটদান কৰিব ৰাইজে ।

নিউজ ডেস্ক পৰা আব্দুল বাৰেক বিহালী ,

১৯ নৱেম্বৰ: –

ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী কুচকাৱাজ বৃদ্ধি পোৱা দেখা গৈছে । বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজাৰণী গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে বিজেপি দলৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়োৱা বিনা তিমুংপীক দল হিচাপে নহয় ব্যক্তি হিচাপেহে ভোট দান কৰিব ৰাইজে । কংগ্ৰেছ দলে মনোনীত কৰা প্ৰাৰ্থী উমা তিমুংপী বনাম বিজেপি মনোনীত প্ৰাৰ্থী বিনা তিমুংপীৰ মাজত অনুষ্ঠিত হব এই মূল যুঁজ খন। ইফালে স্থানীয় ৰাইজে উমা তিমুংপীক পোণচাটেই নস্যাৎ কৰিছে।উল্লেখযোগ্য যে বিগত বৰ্ষত উমা তিমুংপীয়ে দুটা কাৰ্যকাল আঞ্চলিক পঞ্চায়ত আৰু এটা কাৰ্যকাল জিনজিয়া জিলা পৰিষদৰ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। নিৰ্বাচিত হৈছিল ঠিকেই কিন্তু ৰাইজক ভোট ভিক্ষা কৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতিহে পূৰণ নকৰিলে । প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল ।নিৰ্বাচন আহিলেই বৰগাং নদীত পানী বৈ যোৱা দি প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে এইগৰাকী উমা তিমংপীয়ে। যাৰ কাৰণে ৰাইজে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত এজন যোগ্য প্ৰাৰ্থীক বিবেক ভোট দান কৰি নিৰ্বাচিত কৰিব বিছাৰিছে ।বিগত বৰ্ষ সমুহত ৰাইজৰ সমস্যাক আওকাণ কৰি অহা কংগ্ৰেছ দলৰ মনোনীত সভাপতি পদৰ প্ৰাৰ্থী উমা তিমুংপীক আগন্তুক পঞ্চায়ত নিৰ্বাচনত যোগ্য প্ৰত্যত্তুৰ দিয়া হব বুলিও ৰাইজে জানিবলৈ দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *