বৰজাৰণী গাঁও পঞ্চায়তত বিজেপিত গৰাখহনীয়া ।

নিউজ ডেস্কৰ পৰা আব্দুলবাৰেকৰ ৰিপর্ট :

২০নৱেম্বৰ:-

ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত বিজেপিৰ ব্যাপক গৰাখহনীয়া । বিজেপি দলৰ প্ৰতি অতিষ্ট হৈ আজি বিজেপিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠাপক ৱাৰ্ড সদস্য সৰানন্দৰ বাসগৃহত বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৩৫ জনকৈ বিজেপি নেতা কৰ্মীয়ে স্ব- ইচ্ছাই,স্বতস্ফূৰ্তভাৱে বিজেপি ত্যাগ কৰি আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে। বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতমে আত ধৰা সভা খনত জিনজিয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নয়নলাল শৰ্মা, বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰা, বৰজাৰণী গাঁওৰপঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকল , আৰু প্ৰায় শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *