বৰনগৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ, বৰনগৰৰ বিশিষ্ট ব্যক্তিৰ জীৱনী গ্ৰন্থ ‘বৰেণ্য বৰনগৰীয়া’ উন্মোচন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী, ১৯ অক্টোবৰ:
বৰপেটা জিলাৰ সৰভোগৰ সংবাদকৰ্মী আৰু শুভাকাংক্ষীসকলক লৈ গঠিত বৰনগৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী অহা ২৩ অক্টোবৰত শুভাৰম্ভ কৰা হ’ব। ৰূপালী জয়ন্তী উপলক্ষে পুৱা ৯.১৫ বজাত পতাকা উত্তোলন কৰিব বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰৱৰ্তীয়ে। তাৰপিছতে ৯.৩০ বজাত স্মৃতি তৰ্পণ, পুৱা ১০ বজাত বৃক্ষৰোপণ কৰিব জ্যেষ্ঠ নাগৰিক প্ৰাণকৃষ্ণ দাসে। ১০.৩০ বজাত ভাগৱত পাঠ আৰু ১১ বজাত নিহত সাংবাদিকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত কৰা হ’ব। দিনৰ ২ বজাত বৰনগৰ মহাবিদ্যালয়ৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। অনুষ্ঠানত বৰনগৰৰ চল্লিশ গৰাকী বিশিষ্ট ব্যক্তিৰ জীৱনী গ্ৰন্থ ‘বৰেণ্য বৰনগৰীয়া’ গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক গোকুল পাঠকে। লগতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ড° বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু মুখ্য অতিথি হিচাপে সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব। লগতে বৰনগৰ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন ২২ অক্টোবৰত প্ৰেছ ক্লাবৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ব। পুৱা ৯.৩০ বজাত বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি শংকৰ চন্দ্ৰ দাসে পতাকা উত্তোলনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰিব। পুৱা ১০ বজাত অধিৱেশনৰ মূল কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *