বৰপেটাৰ নগাৱত দুর্বৃত্তই হত্যা কৰি পেলাই থৈ গল এগৰাকীক।

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

৩ জানুৱাৰীঃ

বৰপেটা সদৰ থানাৰ অন্তৰ্গত নগাঁওৰ দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আজি ৰাতিপুৱা উদ্ধাৰ হোৱা এটি মৃতদেহক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনো দুৰ্বৃত্তই ধাৰ থকা জোঙা অস্ত্ৰৰে হানি-খুচি হত্যা কৰি পেলাই থোৱা বুলি পৰিয়ালৰ লোকে ব্যক্ত কৰে। ঘটনাৰ বিৱৰণী মতে, নগাঁওৰ মাদেপাৰাৰ মণি ডেকাৰ পুত্ৰ ৰমনী ডেকা (৩৫) কালি সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি কোনো ধৰণৰ সম্ভেদ পোৱা নাছিল। আজি পুৱা দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত তেজেৰে লুতুৰি- পুতুৰি হৈ থকা মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু পৰিয়ালৰ লোকৰ লগতে বৰপেটা আৰক্ষীক অৱগত কৰায়। ৰমনী ডেকাৰ ডিঙি, পেট আৰু মুখমণ্ডলত ধাৰ থকা জোঙা অস্ত্ৰৰ আঘাতৰ চিন দেখি প্ৰত্যক্ষদৰ্শীয়ে এইয়া হত্যাকাণ্ড বুলি নিশ্চিত হয়। আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বাতৰি যুগুতোৱা সময়লৈকে এই ঘটনাৰ উচিত তদন্ত তথা ঘটনাৰ সৈতে জড়িতক কৰায়ত্ব কৰিব পৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *