বৰপেটাৰ বহৰিত কবি বাহাদুৰ ইছলামৰ কবিতা পুথি উন্মোচন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১১ জানুৱাৰীঃ

বৰপেটা জিলাৰ বহৰিত আজি বাহাদুৰ ইছলামৰ বিতৰ্কিত শীৰ্ষক কবিতা পুথি উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আবুল কালাম তালুকদাৰ। গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে বৰলুইত কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰফিকুল ইছলামে। কবিতা পুথি উন্মোচনৰ পূৰ্বে বিপ্লবী কবি বাহাৰুল ইছলামে গভীৰ সাধনা, ধ্যান- ধাৰণাৰে কবিয়ে ৰচনা কৰা এই কবিতাসমূহ অধ্যয়ন কৰা লোকৰ সংখ্যা সাম্প্ৰতিক সময়ত হ্ৰাস পোৱাটো দুৰ্ভাগ্যজনক বুলি কয়। তদুপৰি তেওঁ কয় যে সাম্প্ৰতিক সময়ত সমাজিক মাধ্যমে কবিতা পুথি অধ্যয়নত কিছু বাধাৰ সৃষ্টি কৰিছে। আজিৰ সভাত বিশিষ্ট নাগৰিক হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হাবিবুল্লাহ বাহাৰ, সাংবাদিক ফৰহাদ ভূঞা, শিক্ষক কিৰণ মেধি, সমাজসেৱক হাছিম আলী, হৰিপুৰ জিলা পৰিষদৰ সদস্য আমজাদ আলী ছিকদাৰ, সাংবাদিক মাইনুল হক চৌধুৰী , লেখক ৰহম আলী খান, হবিবৰ ৰহমান প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *