বৰপেটা ছেনিমাৰী আঞ্চলিক ডিফেন্স কল্যাণ সমিতিৰ উদ্যোগত আর্থিক সাহায্য বিতৰণ অনুষ্ঠান

নিউজ ডেস্ক ৰিপর্ট:

👍২৯ অক্টোবৰ :

বৰপেটা জিলাৰ অন্তৰ্গত ছেনিমাৰী আঞ্চলিক ডিফেন্স কল্যাণ সমিতিয়ে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় অৰ্থ সামৰিক বাহিনীৰ জোৱান তথা গৰিৱৰ বন্ধু শ্ৰীযুত বিৰাজ হাজৰিকা ডাঙৰীয়া, আমন্ৰিত অতিথি হিচাপে আন্তৰাষ্টিয় মানৱ অধিকাৰ আৰু দূৰ্নীতি নিবাৰক মঞ্চ অসমৰ সভাপতি শ্ৰীমতি প্ৰতিমা বৰুৱানী, বন ঔষধী বিশেষজ্ঞ শ্ৰী পংকজ পাথক ডাঙৰীয়া ,অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আবুবক্কৰ ছিদ্দিক, বিশিষ্ট সাংবাদিক তথা শিৱসাগৰ জিলা আমছুৰ সভাপতি ইউনুছ তামলি, আদি কৰি সমাজৰ বহুতো মান্য- গন্য ব্যক্তি সকল সভাত উপস্হিত থাকি মূল্যৱান ভাষন প্ৰদান কৰে, লগতে গৰিৱৰ বন্ধু বিৰাজ হাজৰিকা আৰু বন ঔষধী বিশেষজ্ঞ পংকজ পাথকে দূগীয়া ৰাইজৰ মাজতে বিনামুলীয়া কাপোৰ আৰু ঔষধ বিতৰণ কৰে ।
প্ৰকাশ থাকে যে উক্ত অনুষ্ঠানত প্ৰায় ১৫০ জন ভাৰতীয় অৰ্ধ সামৰিক বাহিনী জোৱানৰ লগতে যথেষ্ট সংখ্যক স্হানীয় যুৱকে আৰ্থিক ভাবে এই সাহায্য অনুষ্ঠানত সহায় সহযোগীতা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *