বৰপেটা জিলাৰ মন্দিয়াৰ চাপৰি পথাৰত পপুলাৰ ফ্রন্টৰ উদ্যোগত বিদ্যালয় পৰিদর্শন

TNN সেৱা, বৰপেটা ৰোডৰপৰা নজৰুল আলীৰ প্রতিবেদন, ১৭ডিচেম্বৰঃ

বৰপেটা জিলাৰ বাঘবৰ থানাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত চাপৰি পাথাৰ নামৰ গাওঁখনত নাই এখনো বিদ্যালয়। প্ৰায় চাৰিশৰো অধিক পৰিয়ালৰ বসতি প্ৰধান গাওঁখনত চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান নথকাৰ ফলত সেই গাওঁখনৰ কণ-কণ ল’ৰা ছোৱালীয়ে দেখা নাপায় বিদ্যালয়ৰ শিক্ষাৰ পোহৰৰ মূখ। উক্ত অঞ্চলখন আজিৰপৰা প্ৰায় ১৮ মাহ মান পূৰ্বে পৰিদৰ্শন কৰিবলৈ গৈছিল পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বৰপেটা-বাক্সা জিলাৰ এটা সজাতি দলে। সজাতি দলটোৱে অঞ্চলটোৰ গণ্য মান্য মূৰব্বীসকলৰ লগত আলোচনা মিলিত হোৱাত তেওঁলোকে অসম চৰকাৰে শিক্ষাৰ নামত কৰা প্ৰতাৰণাৰ বিষয়ে আবেগ ব্যক্ত কৰে। সজাতি দলটোৱে তেওঁলোকৰ আবেগৰ প্ৰতি সন্মান জনাই সংগঠনটোৰ তৰফৰপৰা এখন বিনামূলীয়াকৈ এখন শিক্ষা অনুষ্ঠান স্থাপন কৰে। আজি উক্ত বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ সংগঠনটোৰ ৰাজ্যিক উপ সভাপতি আবুশামা আহমেদ নেতৃত্বত সংগঠনটোৰ আইনী পৰিদৰ্শক আইন উদ্দিন আহমেদ, বৰপেটা জিলা সমিতিৰ সভাপতি ফৰহাদ আলী আহমেদ, বাক্সা জিলা সমিতিৰ সম্পাদক জাকিৰ হুছেইন সহ এটা সজাতি দল গৈ উপস্থিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে উক্ত বিদ্যালয়খনত যোৱা ১৮ টা মাহত তিনিগৰাকী শিক্ষকৰ দ্বাৰা মুঠ ২০০ৰো অধিক ছাত্ৰ ছাত্ৰী পাঠদান কৰি আছে। যি সময়ত ৰাজ্য চৰকাৰে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে প্ৰতিটো চৰকাৰী বিদ্যালয়ত দুবাৰকৈ গুণ উৎসৱ পাতি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দিশত আগবঢ়োৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিলে বুলি ঢাক-ঢোল বজাই ৰাইজক আকৰ্ষিত কৰিব বিচাৰিছে। সেই সময়ত এটা গাওঁত প্ৰায় চাৰিশৰো অধিক পৰিয়ালে বসবাস কৰা এখন ঠাইত কোনো এখন বিদ্যালয় নথকাত সেই অঞ্চলৰ কণ-কণ শিশুসকলৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিয়া পৰিলক্ষিত হৈছে। এয়াই নেকি বিজেপি চৰকাৰৰ পৰিৱৰ্তন? এয়াই নেকি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি? এয়াই নেকি ডিজিটেল ইণ্ডিয়াৰ নমূনা??

Leave a Reply

Your email address will not be published. Required fields are marked *