বৰপেটা ৰোডত প্ৰসাশনৰ উদ্যোগ শান্তি আৰু সমন্বয় অটুট ৰখাৰ বাবে একত্ৰিত হ’ল বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠন। *বৰপেটাৰোডৰপৰা নজৰুল আলী আহমেদৰ ৰিপৰ্ট।

বৰপেটা ৰোডত প্ৰসাশনৰ উদ্যোগ শান্তি আৰু সমন্বয় অটুট ৰখাৰ বাবে একত্ৰিত হ’ল বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল-সংগঠন।

*বৰপেটাৰোডৰপৰা নজৰুল আলী আহমেদৰ ৰিপৰ্ট।*

তিনিচকীয়াৰ ধলাত যোৱাকালি সন্ধিয়া হৈ যোৱা সংঘটিত হোৱা নাৰকীয় হত্যাকাণ্ডৰ ফলত যি পাচঁজন নিৰীহ লোকৰ প্ৰাণ কাঢ়িলে, তেনেকুৱা জঘন্য ঘটনাই যাতে বৰপেটাৰোডত বা তাৰ আশে-পাশে এনেকুৱা কোনোধৰণৰ বিষবাষ্পই আগুৰি ধৰিব নোৱাৰে তাৰ বাবে বৰপেটাৰোড আৰক্ষী থানাৰ উদ্যোগত থানা চৌহদত আজি এখনি সভা অনুষ্ঠিত হয় ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাই এই সভাখনিৰ আঁত ধৰি কোনো উৰা বাতৰিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষীক আইন শৃংখলা অটুত ৰখাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিবলৈ অনুৰোধ জনায় ৷ সভাত বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী আৰু উপ- পৌৰপতি ফুলেন দাস, ৰাম অৱতাৰ মহেশ্বৰী, আবু তালেব আহমেদ, নীৰেন নাথ, জয়ন্ত কুমাৰ দাস, দিপক দাস, ধীৰাজ দেউৰী, চৈয়দ আহমেদ আলী, ডিম্বেশ্বৰ দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি শান্তি সম্প্ৰতি অটুট ৰখাত গুৰুত্ব আৰোপ কৰি বৰপেটাৰোড বাসীয়ে একতাৰ বান্ধোন আৰু সম্প্ৰতিৰ এনাজৰীৰে যিদৰে পূৰ্বৰ পৰা আছে সেয়া অনাগত দিনতো যাতে এই শান্তি সম্প্ৰীতি অটুট ৰাখে তাৰ বাবে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমূহ ৰাইজৰ লগতে দল সংগঠনকো এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ প্ৰশাসনৰ ফালৰ পৰা আহব্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *