ভোগালী উপলক্ষে ব্যতিক্ৰমী পদক্ষেপ :ৰৌতা আঞ্চলিক এবছুৰ

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদন

15 জানুৱাৰী:

যি সময়ত সমগ্ৰ অসমত জাতি জনগোষ্টীৰ মাজত একাংশই ধৰ্মীয় সংঘাত আৰু বিভেদ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে সেইসময়ত ওদালগুৰি জিলাত ৰৌতা আঞ্চলিক এবছুয়ে ভোগালীৰ সুস্বাদৰ তিপ্তি লোবাৰ বাবে এখাজ খোৱা উদ্দেশ্য ৰৌতা আঞ্চলিক এবছুৰ কাৰ্যালয়ত ভোগালী বিহু উদযাপন কৰে।উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন এবছু কৰ্মী,বড়ো সাহিত্য সভাৰ কৰ্মী আৰু বহুতো বিশিষ্ট আমন্ত্ৰিত অতিথিসকল।ৰাতিপুৱাই এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ অগনণ মহিলাই নিজ নিজ হাতে চাউল গুৰি কৰি তিল পিঠা ,নাৰিকল পিঠা ,তেলৰ পিঠা ,এনথ্ৰাও পিঠা বনোৱাৰ দৃশ্য পৰিলক্ষিত হয়।মহিলাৰ লগতে পুৰুষ সকলেওঁ ভাত ,মাংস বনাই সকলোৱে মিলি আনন্দ ফূৰ্তিৰে এখাজ খাই ঘৰমুৱা হয়। অবশেষত এবছু কৰ্মীই সমগ্ৰ অসমৰ লগতে ভাৰতবাসীক ভোগালী বিহুৰ শুভেচ্ছা যাছে যাতে অনাগত দিনত অসম তথা ভাৰতবাসী মিলাপ্ৰীতি আৰু ভ্ৰাতৃত্ববোধেৰে আগুৱাই যাব পাৰে তাকে মনোকামনা ।

Leave a Reply

Your email address will not be published. Required fields are marked *