মঙ্গলদৈত দুর্নীতি নিবাৰক শাখাৰ অভিযান। গ্রেপ্তাৰ কার্য্যালয়ৰ সহায়ক নচিওৰ ৰহমান গ্রেপ্তাৰঃ

খাৰুপেটিয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ প্রতিবেদনঃ

05 জানুৱাৰী:

# মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান #

# পাইকাৰী ঔষধ বিক্ৰেতাৰ অনুজ্ঞাপত্ৰৰ বাবে বিছাৰিছিল ধন #

#গ্ৰেপ্তাৰ কাৰ্যালয়ৰ সহায়ক নচিওৰ ৰহমান #
,খাৰুপেটীয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ ৰিপৰ্ট, ৪ ডিচেম্বৰ :- দুৰ্নীতি নিবাৰক আৰু তদৰকী শাখাৰ এক অভিযানত আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দৰং জিলা ঔষধ পৰিৰ্দশক কাৰ্যালয়ৰ সহায়ক নছিবুৰ ৰহমানক । জানিব পৰামতে দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰীৰ আজগৰ আলি নামৰ এজন যুৱকে মঙলদৈ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত ঔষধৰ পাইকাৰী বিক্ৰেতাৰ অনুজ্ঞাপত্ৰৰ বাবে যোগাযোগ কৰে। এই সংক্ৰান্তত কাৰ্যালয়টোৰ সহায়ক নচিবুৰ ৰহমানে জিলা ঔষধ পৰিৰ্দশক বিশ্বজিৎ তালুকদাৰক উক্ত অনুজ্ঞাপত্ৰৰ বাবে ত্ৰিশ হাজাৰ টকা দিব লাগে জনাই । ইয়াৰ পাছত উপায়বিহীন হৈ ভুক্তভোগী আজগৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ লগত যোগাযোগ কৰে। সেইমতে আজি বিয়লি ৫ মান বজাত দুৰ্নীতি নিবাৰক শাখাৰ অতিৰিক্ত অধীক্ষক অমিত হোজাইৰ নেতৃত্বত এটি দলে আজগৰ আলিৰ পৰা ২৫ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *