মহামায়া শালবাৰীত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ সম্বৰ্দ্ধনা সভা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

,১১জানুৱাৰী:-

মহামায়া শালবাৰীত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত পঞ্চায়ত নিৰ্বাচনৰ নৱ নিৰ্বাচিত প্ৰতিনিধি সকলৰ সম্বৰ্দ্ধনা সভা
_________________________

বিলাসীপাৰা, ১০ জানুৱাৰী:- ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত মহামায়া শালবাৰী বজাৰ প্ৰাঙ্গণত আজি দুপৰীয়া ১২ বজাত পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি সকলৰ সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ)। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সম্পাদক আকতাৰ হুছাইনে। যুৱ কংগ্ৰেছৰ ফালৰ পৰা পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি সকলক ফুলাম গামোচা ৰে সম্বৰ্দ্ধনা জনোৱা হয় আৰু ইয়াৰ লগত সংগতি ৰাখি হাজী সকলক ফুলাম গামোচা ৰে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত সম্বৰ্দ্ধনা সভা খনত মুখ্য অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুল হকে উপস্থিত থাকি দেশৰ শেহতীয়া ৰাজনীতিৰ পৰিস্থিতি সম্পৰ্কীয় বিস্তাৰিত ভাবে ভাষন প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা উপস্থিত থাকি ভাষন প্ৰদান কৰে। তেওঁ ভাষন প্ৰসংগত কয় যে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ৰাজ্য খনৰ সবাতোকৈ ৬ টা সমষ্টিত ভোট বেছি লাভ কৰিছে তাৰ ভিতৰত বিলাসীপাৰা পশ্চিম সমষ্টি এখন। এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা পশ্চিম সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক ভোট দান কৰাত সমষ্টিবাসী ৰাইজক অশেষ ধন্যবাদ জনায় প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই। মিঞাই ভাষন প্ৰসংগত আৰু কয় যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দান কৰিবলৈ আহ্বান জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছেলিম হুছাইনে সভায় উপস্থিত থাকি ৰাজনৈতিক সম্পৰ্কে ভাষন প্ৰদান কৰে। তেওঁ ভাষন প্ৰসংগত কয় যে প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ দৰে নেতাক প্ৰতিনিধিত্ব কৰিব লাগে বুলি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে।পাছত সভায় উপস্থিত থকা সকলো ৰাইজৰ মাজত সমষ্টি খনৰ যুৱ কংগ্ৰেছৰ কৰ্মী সকলে মিঠাই বিতৰন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *