মানকাচৰত সাংবিধানিক সুৰক্ষা আৰু নাগৰিকৰ অধিকাৰ সন্দৰ্ভত সচেতন সভাঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ১৩, জানুৱাৰী :

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যতীন্দ্ৰ মোহন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দিনৰ 1 বজাত নাগৰিকৰ সাংবিধানিক সুৰক্ষা আৰু সচেনতাৰ ওপৰত চিটিজেন শ্বিপ ৰাইটচ একচন কমিটিৰ উপদেষ্টা গালিব ইছলামৰ সভাপতিত্বত এখন সভা বহে ।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা মেহমুদ প্ৰাচাই নাগৰিকৰ সাংবিধানিক অধিকাৰৰ ওপৰত আলোচনা আগবঢ়ায়।
মানকাচৰৰ বিভিন্ন সমাজ সেৱকৰ লগতে সাধাৰণ ৰাইজেও সহায় সহযোগিতা আগবঢ়ায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *