মানৱতা যেন সমাজৰ পৰা আজিও হেৰাই যোৱা নাই

সম্পাদকীয় একাষাৰ :

আব্দুল বাৰেক, বিহালী, ২৯ অক্টোবৰ: –

বৰ্তমান সময়ত একাংশই জাতি- ধৰ্মৰ মাজত বিবাদ সৃষ্টি কৰি হিংসাত্মক ঘটনাৰ বীজ ৰূপন কৰি থকাৰ সময়তে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত কুলাগুৰী গাওঁৰ এক অন্তৰ চুই যোৱা কাহিনী পোহৰলৈ আহিছে ৷ জানিব পৰা মতে যোৱা ইং ২২/১০/২০১৮ তাৰিখে নিশা প্ৰায় ১০ মান বজাত কুলাগুৰী গাওঁৰ বিহালী চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰীভৰত_শৰ্মাৰ ঘৰত ভোকাতুৰ ইচলাম ধৰ্মৰ এগৰাকী অহসায় মহিলা আশ্ৰয়ৰ বাবে প্ৰৱেশ কৰে ৷ দিন কাল বেয়া দেখি ভৰত শৰ্মাই পলম নকৰাকৈ স্থানীয় গাওঁৰক্ষী বাহিনীৰ সম্পাদক শ্ৰীবাহাদুৰ_কায়স্থক তথা গাওঁবুঢ়া বাৰীন্দ্ৰ গুহক খবৰ দিয়ে ৷ বাহাদুৰ কায়স্থই বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক আলোচনা কৰি নিজা বাসগৃহত আশ্ৰয় আৰু খাদ্যসামগ্ৰীৰ যোগান ধৰে ৷
প্ৰথমে স্বাস্থ্যহীন মহীলা গৰাকীক সোধ- পোচ কৰাতো বৰ বেছি কথা পতা নাছিল যদিও পিছলৈ তাই সবিশেষ জনায় যে তাইৰ নাম পাৰবিন বেগম আৰু স্বামী আব্দুল হামিদ , পিছে মানসিক ভাৰসাম্য হেৰুৱা মহীলাগৰাকী কিদৰে দুৰণী বাট আহি পালে তাই নিজেই নাজানে যদিও নিকাহ অৰ্থাত বিয়া হৈছে বিহপুৰীয়াৰ ২নং কৰুণাবাৰী গাওঁত ৷ নিজা পিতৃগৃহ হৈছে হোজাই বিঞ্চুপুৰ তথা পিতৃৰ নাম নুৰুল ইচলাম ৷
এই ঠিকনাৰ ভিত্তিত গাওঁৰক্ষী বাহিনীৰ সম্পাদক বাহাদুৰ কায়স্থই অশেষ কষ্টৰে স্বামীগৃহত খবৰ দিবলৈ সক্ষম হয় ৷ চাৰিটা সন্তানৰ মাতৃ পাৰবিন বেগমৰ শৰীৰৰ অংগত আঘাত দেখি ৰাইজে অত্যাচাৰ কৰা ভাবি সুধিও উত্তৰ নাপালে ৷ ইতিমধ্যে ৬ দিনৰ অন্তত খবৰ দিয়া মতে আজি ২৮/১০/২০১৮ তাৰিখে উক্ত কুলাগুৰী গাঁওত উপস্থিত হয় স্বামী আব্দুল হামিদ , কুলাগুৰী গাওঁৰ গাওঁবুঢ়া তথা একাংশ লোকৰ উপস্থিতিত লিখিত কাগজত চহী কৰি পত্নীক আদৰি দুপৰিয়া ১২ মান বজাত বিহপুৰীয়া অভিমুখে ৰাওনা হয় ৷
এজনী অসহায় মহিলাক আশ্ৰয় দি পৰিয়ালৰ লোকক সুকুলমে গতাই দিয়া বিষয়টো ৰাইজে কুলাগুৰী গাওঁৰ বাহাদুৰ কায়স্থ , ভৰত শৰ্ম্মা তথা গাওঁবুঢ়া বাৰীন্দ্ৰ গুহক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *