মানৱ সমাজক লজ্জিত কৰিলে লংকাৰ কাকীৰ কেইজন লম্পট যুৱকে

নিউজ ডেস্ক ৰিপর্ট:

21 জানুৱাৰীঃ

মানৱ সমাজক লজ্জিত কৰিলে লংকাৰ কাকীৰ কেইজন লম্পট যুৱকে। লংকাৰ কাকী এজাৰবাৰীত পুনৰ ভু-লণ্ডিন হল মানৱ সমাজ। কাকী এজাৰবাৰীত মানৱ ৰূপি দানৱৰ কামনাৰ বলি সপ্তম শ্ৰেণীৰ ছাত্ৰী। ভোক্তভোগী ছাত্ৰীৰ এজাহাৰৰ ভিত্তিত ৫ পাষণ্ড আৰক্ষীৰ জালত।

V.O- ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱ ধৰিছে নাৰী,যুৱতী, কিশোৰী, নিৰ্যাতন আৰু বলৎকাৰৰ দৰে জঘণ্য ঘটনা। তেনে এক জঘণ্য ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাৰ কাকীৰ এজাৰবাৰীত। উক্ত ঘটনা সন্দৰ্ভত জানিৱ পৰা মতে, শুক্ৰবাৰে আৱেলি এগৰাকী সপ্তম শ্ৰেণীত অধ্যায়ণগত ছাত্ৰী নিজ গৃহৰ পৰা ওচৰতে অনুষ্ঠিত হোৱা এক ধৰ্মীয় অনুষ্ঠানলৈ গৈছিল যদিও একে গাৱৰে কেইজনমান যুৱকে নিজৰ অতিতৰ ঘটনাৰ পুতক তুলিৱলৈ কৌশলৰে ছাত্ৰীগৰাকীক পথাৰলৈ মাতি নি কৰে ওপৰিযুপৰি ধৰ্ষণ। পিছত ভোক্তভোগী ছাত্ৰী গৰাকীয়ে শনিবাৰে কাকী আৰক্ষী থানাত যুৱক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতেই কাকী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত পাঁচ পাষণ্ড ক্ৰমে কানাই মজুমদাৰ,ৰূপন ৰায়,ৰোহীত কিস্কু আৰু চুমিত মাৰ্ডী,ৰান্তু দাসক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে ধৰ্ষণকাৰীয়ে আমাৰ সাংৱাদিকৰ কেমেৰাৰ সম্মূখত নিজে অপকৰ্মৰ লগত জড়িত বুলি স্বীকাৰ কৰাৰ লগতে আৰু এজন যুৱক জড়িত থকাৰ কথাও স্বীকাৰ কৰে । বৰ্তমান পাচঁজন পাষণ্ড কাকী আৰক্ষীৰ জিন্মাত যদিও এজনক আটক কৰিৱলৈ সক্ষম হোৱা নাই কাকী আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *