মামাৰ বজাৰত ডেৰ কোটি টকাৰ ৰাস্তাৰ কামৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে: বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমীয়ে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট:

06 নৱেম্বৰ :

ধুবুৰীা জিলাৰ বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক হাফিছ বছিৰ আহমেদ কাছিমীয়ে আজি বিয়লি 3 মান বজাত প্ৰধান মন্ত্ৰী গ্ৰাম্য সড়ক যোজনা আঁচনিৰ অধীনৰ 2007-2008 বিৰ্ত্তীয় বৰ্ষৰ As-05-43 নন্বৰ পেকেজৰ নিৰ্মিত ডুৱাচুৰী(মামাৰ বজাৰৰ পৰা) শগুনমাৰী চতুৰ্থ খণ্ড গাঁওলৈ ডেৰ কোটি টকাৰ ৰাস্তাৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে। কেৱল এইটোই নহয় বিধায়ক বছিৰ আহমেদ কাছিমীৰ উদ্বোধন, ইয়াৰ উপৰিও আজি সমষ্টি খনৰ বেলেগ বেলেগ ঠাইত ছয়টা পর্যন্ত উদ্বোধন কৰি আহিছে। উল্লেখযোগ্য যে আধাৰশিলা শুভ উদ্বোধন কৰাৰ সময়ত এ আই ইউ ডি এফৰ দলীয় কৰ্মী তথা নায়েৰ আলগা জিলা পৰিষদৰ আশাবাদী প্ৰাৰ্থী মছলিম উদ্দিন মণ্ডল, ছাদেক আলী আহমেদ,শগুনমী গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফৰ প্ৰত্যাশী প্ৰাৰ্থী আব্দুল ৰশিস মিঞা, কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফৰ প্ৰত্যাশী প্ৰাৰ্থী হুৰমুজ আলী(সাজু) ইউ ডি এছ এফৰ আবু হানিফা আদিকে ধৰি স্থানীয় গন্য মান্য ব্যক্তি আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *