মায়াৰ চৰত ভয়াবহ অগ্নিকাণ্ড। দহ লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূর্ণ ৰূপে ভষ্মিভূত।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট:

,২৯ ডিচেম্বৰ:-

ধুবুৰী জিলাৰ নায়েৰ আলগা উপ আৰক্ষী চকীৰ অন্তৰ্গত মায়াৰ চৰ গাওঁ পঞ্চায়তৰ মায়াৰ চৰ ৩য় আৰু ৫ম খণ্ড গাঁৱৰ মুঠ ৬টা পৰিয়ালৰ ঘৰবাৰী ভয়াবহ অগ্নি কাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। জানিব পৰা মতে আজি দুপৰীয়া ১মান বজাত নুৰ মহম্মদ আলীৰ গৃহৰ পৰা অগ্নি কাণ্ড সংঘটিত হৈ ৬টা পৰিয়ালৰ ঘৰবাৰীৰ লগতে দহ লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু এন আৰ চি, ভোটাৰ আইকাৰ্ড , মাটিৰ নথি-পত্ৰকে ধৰি যাবতীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। অগ্নি কাণ্ড সংঘটিত হোৱা গাৱৰ ৰাইজে লৰা লৰি অগ্নি নিৰ্ৱাপিত কৰিবলৈ আহে যদিও গেছ চিলিণ্ডাৰত জুই লাগি জুইৰ মাত্রা বৃদ্ধি পোৱাত জুইৰ কাষতে চাপিব নোৱাৰাত ৰাইজে জুই নুমুৱাবলৈ সক্ষম নহ’ল। জুই নিমিত্তে ওচৰে পাজৰে থকা ঘৰবাৰী সমুহ অগ্নি কাণ্ডৰ পৰা হাত সাৰিব সক্ষম হয়।উক্ত অগ্নি কাণ্ডত এজন লোক আহত হয়। আহত ব্যক্তি গৰাকীক ততালিকে ৰাইজে নায়েৰ আলগা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে। উক্ত অগ্নি কাণ্ডত ক্ষতি গ্ৰস্ত হোৱা পৰিয়াল ক্রমে নুৰ মহম্মদ,নুৰ ইছলাম, নুৰ উদ্দিন, নুৰ জামাল, ছফিয়ৰ ৰহমান আৰু সামছুল হক। ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল বিলাকক সাহাৰ্য্য দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *