লংকাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মকঃউদালী তিনিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ

লংকাৰ পৰা দীপজ্যোতি বৰাৰ ৰিপর্ট :

24 অক্টোবৰ :

বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ৪৬টা সংগঠনে আহ্বান জনোৱা ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ হোজাই লংকা চহৰৰ লগতে ইয়াৰ পাশ্ববৰ্তী অঞ্চল সমূহতো সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা যায়।বন্ধৰ সময়ছোৱাত চহৰখনৰ লগতে পাশ্ববৰ্তী অঞ্চলসমূহত চৰকাৰী কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান সমূহ খোলা থাকে যদিও সমূহ ব্যৱসায়ীক প্ৰতিষ্ঠান,বেংক,গাড়ী,মটৰ আদি বন্ধ হৈ থাকে।লংকাৰ আজি মংগলবৰীয়া সাপ্তাহিক বজাৰতো গ্ৰাহকৰ উপস্থিতি সেৰেঙা দেখা যায়।গাড়ী মটৰৰ চলাচল নোহোৱাত দূৰণিবতীয়া ব্যৱসায়ীসকলৰো উপস্থিতি দেখা নগল ব্যৱসায়-বাণিজ্যত।ইপিনে,উদালী,কাকী, কপাহবাৰী আদি অঞ্চলসমূহত যাতায়ত ব্যৱস্থা আৰু ব্যৱসায়-বাণিজ্য প্ৰতিষ্ঠান সমূহ বন্ধ থাকে।উদালী তিনিআলিত বন্ধ সৰ্মথকে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰাৰ বিপৰীতে নখুঁটিত বন্ধৰ সমৰ্থক ক্ৰমে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ছাইদুৰ ৰহমান আৰু সম্পাদক কাছেম আলীক নঁখুটি আৰক্ষীয়ে আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *