লামডিং ৰেল আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত ৰুহিংগীয়া ।

মোৰাঝাৰৰ পৰা আছাদুৰ ৰহমানৰ প্রতিবেদনঃ

18 ফেব্রুৱাৰীঃ

আজি পোৱা ১১ টা মান বজাত লামডিং ৰেল আৰক্ষীয়ে তিনিজন সন্দেহ যুক্ত ৰুহিংগীয়া লোকক লামডিং ৰেল ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
আটক হোৱা লোক কেইজন হৈছে ক্ৰমে, সামচু আলম/ ছাব্বিৰ আহমেদ/ আৰু চামছু আলম ।
২০১২ চনত ম্যানমাৰৰ ৰুহিংগীয়া আক্ৰমনৰ বলি হৈ তেতিয়াৰে পৰা ভাৰতৰ হায়দৰাবাদত এটা আশ্ৰয় শিবিৰত আছিল বুলি জানিব দিয়ে।
আৰ্থিক সাহাৰ্য্য কৰাৰ কথাৰে লামডিং ৰ কোনো এজন ব্যক্তিয়ে উক্ত লোক কেইজনক মাতি অনাৰ তথ্য লাভ কৰিছে লামডিং ৰেল আৰক্ষীয়ে আৰু উক্ত লোক জনৰ মোবাইল নম্বৰৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে বুলি জানিব দিয়ে ।ৰেল আৰক্ষীৰ তদন্তত প্ৰকৃত ৰহস্য ফাদিল হব।

Leave a Reply

Your email address will not be published. Required fields are marked *