শালকোচা সপৰ্টচ ক্লাৱৰ সৌজন্যত আন আন বছৰৰ দৰে এইবেলিও শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা ।

Digital Desk :

বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্রতিবেদন :

26 অক্টোবৰ :

যোৱা ২১ অক্টোবৰ দেওবাৰৰ পৰা আৰম্ভ হয়। আজি বুধবাৰ আবেলি ৩ বজাৰ পৰা চুড়ান্ত খেলখন অনুষ্ঠিত হয়। ফুটবল খেল খনত সভাপতিত্ব কৰে শালকোচা সপৰ্টচ ক্লাৱৰ সভাপতি বিটুল বৰ্মন। লগতে সম্পাদক দিবাকৰ বৰ্মন, উপদেষ্টা মণ্ডলী ক্ৰমে সিতুমনি বৰ্মন আৰু ভাস্কৰ সিংহ আৰু বিলাসীপাৰা পূব যুৱ কংগ্ৰেছ কমিটীৰ উপ সভাপতি জিয়াউল ইছলাম উপস্থিত থাকে। আজিৰ এই চুড়ান্ত খেলখন অনুষ্ঠিত হয় ময়নাগুৰী হাপা পাৰা ক্লাৱ আৰু জয় মা কালী ইছলামাৰী ক্লাবৰ মাজত। ময়নাগুৰী ক্লাবে,জয় মা কালী ক্লাৱক ৪-০ গোলত পৰাস্ত কৰি বিজয়ী হয়। হাজাৰ হাজাৰ জনতাই শান্তি শৃংখলা বজাই ৰাখি আজিৰ এই চুড়ান্ত খেলখন উপভোগ কৰে। এই ফুটবল খেলখনৰ প্ৰথম ট্ৰ’ফীটো আগবঢ়ায় বিশিষ্ট খেলুৱৈ স্বৰ্গীয় বেনুমাধৱ বৰুৱাৰ পূৰ্ণ স্মৃতিত তেওঁৰ ভগ্নী প্ৰনিতা বৰুৱা আৰু পৰিয়াল বৰ্গৈ। প্ৰথম স্থান লাভ কৰা খেলুৱৈ সকলোক ৫০০০/ টকা নগদ পুৰস্কাৰ লগতে ট্ৰফি আৰু দ্বিতীয় স্থান লাভ কৰা খেলুৱৈ সকলোক ৩০০০/টকা নগদ পুৰস্কাৰ লগতে ট্ৰফি প্ৰদান কৰে। উক্ত ফুটবল খেল খনৰ বঁটা বিতৰণী সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক সন্মানিত অমৃত বাদসডাঙৰীয়া ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন ।

Leave a Reply

Your email address will not be published. Required fields are marked *