শ্রীৰামপুৰত শ্রী শ্রী 108 কৃষ্ণ দাস গোস্বামীৰ শ্রীমদ ভাগৱতৰ পাঠৰ সামৰণি অনুষ্ঠান সম্পন্ন:

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ প্রতিবেদন:

2 জানুৱাৰী,

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত ভাগৱৎ পাঠৰ অনুষ্ঠান আজি সামৰনি পৰে ৷শ্ৰীৰামপুৰস্হিত আৰ ষ্টুডেন্টছ ক্লাৱৰ প্ৰাঙনত যোৱা 25 ডিচেম্বৰ নিশাৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোস্বামীৰ শ্ৰীমদ্ ভাগৱৎ পাঠ আজি সামৰনি পৰে।লগতে আজি আবেলি 5 বজাৰ পৰা শ্ৰী গোপাল কৃষ্ণকলৈ বিভিন্ন ঠাইৰ পৰা অহা শ শ ভক্তসকলে মহাধুমধামেৰে শ্ৰীৰামপুৰ চাৰিআলিৰ পৰা ৰামমন্দিৰ লৈকে লোক সকলে উলহ-মালহৰে গুনাকীৰ্তন কৰি পৰিক্ৰমা কৰে ৷শতাধিক ভক্তসকলে সমদল কৰি বাদ্য-বাজনাৰে নৃত্য-গীত পৰিবেশন কৰি আনন্দ কৰে। শ্ৰীৰামপুৰ আৰ ষ্টুডেন্টছ ক্লাৱৰ পৰা আৰম্ভ কৰি সমদল পৰিভ্ৰমন কৰি শান্তিৰ বাৰ্তা বিলাই ভাগৱৎ পাঠ অনুষ্ঠিত হোৱা ক্লাৱৰ সন্মুখত উপস্থিত হৈ অনুষ্ঠানৰ সামৰনি পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *