সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ দঃশালমাৰা মানকাচৰ জিলাৰ সমিতিৰ উদ্যোগত হাটশিঙিমাৰীত প্ৰতীকী অনশন কাৰ্য্যসুচী পালনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,২০ জানৱাৰী ঃ

অসমৰ সমগ্ৰ জিলাৰ লগতে আজি দঃশালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ দঃশালমাৰা মানকাচৰ জিল সমিতিৰ উদ্যোগত প্ৰায় শতাধিক সদস্যই প্ৰতীকী অনশন কাৰ্য্যসুচী পালন কৰে ৷ বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে জনজাতীকৰণৰ যি ইস্তাহাৰ দিছিল চৰকাৰৰ তিনিটা বছৰ পাৰ হৈ যোৱাৰ পিছতো সম্পূৰ্ণ নোহোৱাত আজি সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ দঃশালমাৰা মানকাচৰ জিল সমিতিৰ উদ্যোগত (১) গৰিয়া- মৰিয়া-দেশী-জলহ-পাঙ্গাল আদি ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়া জনগোষ্ঠী সমূহক চৰকাৰী ভাবে চিনাক্ত কৰণৰ বাবে সুকীয়া জৰীপ কাৰ্য্য সম্পূৰ্ণ কৰা হওক আৰু জনজাতীয় মূলৰ উক্ত লোকক অতি শিঘ্ৰে জনজাতীকৰণৰ দাৱী জনায় (২) নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জৰিয়তে বাংলাদেশীক সুৰক্ষাৰ সলনি ৰাষ্ট্ৰসংঘৰ ঘোষনা পত্ৰ ২০০৭ ৰ আধাৰত অসমৰ খিলঞ্জীয়া লোক সকলোক বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান আৰু এনেকুৱা পাঁচটা দাবী জনাই এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *