সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৱে কাশ্মীৰৰ পোলৱামাত বীৰ সৈনিক শ্বহীদসকলক সমবেদনা জ্ঞাপন কৰে।

নিউজ ডেস্ক ৰিপর্টঃ

15 ফেব্রুৱাৰীঃ

গৰিহণা :
কাশ্মীৰৰ পোলৱামাত ১৪.০২.২০১৯ তাৰিখে প্ৰায় ৪০ জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক সৈনিক আহত হোৱাত আজি সমগ্ৰ দেশবাসীৰ লগতে আমছুৱেও অত্যন্ত মৰ্মাহত হৈছে। এনে বৰ্বৰ কাণ্ড পাকিস্তানৰ কাপুৰুষালিৰ বাহিৰে আন একো নহয়। এই নাৰকীয় তথা বৰ্বৰ আক্ৰমণক একেমুখে গৰিহণা ও ধিক্কাৰ জনাই আমছুৰ উপসভা ছাইফুদ্দিন আহমেদে।

আমছুৰ দাবী :
পাকিস্তানৰ এনে নীচ কৰ্মৰ উচিত প্ৰত্যুত্তৰ ভাৰত চৰকাৰে অতিশীঘ্ৰে দিব লাগে বুলি দাবী জনাইছে।
ভাৰত চৰকাৰে অতিশীঘ্ৰে সন্ত্ৰাসবাদী সকলৰ বিৰুদ্ধে চাৰ্জিকেল ষ্টাইক চলাই কাপুৰুষ সন্ত্ৰাসবাদী সকলক ভাৰতৰ বুকুৰ পৰা চিৰদিনৰ বাবে নিঃশেষ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । চিৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্থানক ইয়াৰ যোগ্য প্ৰত্যুত্বৰ প্ৰদান কৰিবলৈয়ো উপসভাপতি মহোদয়ে এক প্রেছ বিবৃতি যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

সমবেদনা :
জম্মু-কাশ্মীৰৰ পোলৱামা জিলাত সন্ত্ৰাসবাদীয়ে চলোৱা আত্মঘাতী বিস্ফোৰণত শ্বহীদ হোৱা সেনা জোৱান সকলৰ বিয়োগত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) য়ে অতিকৈ মৰ্মাহত হৈছ। দেশৰ কাৰনে আত্মবলিদান দি শ্বহীদ হোৱা বীৰ সৈনিক সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে উপসভাপতি গৰাকীয়ে। লগতে আহত বীৰ সৈনিক সকলৰ দ্ৰুত আশু-আৰোগ্য কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *